অসম

assam

ETV Bharat / state

বিনামূলীয়া পাঠ্যপুথি বহুমূলীয়া কৰে শিক্ষকে ! - assam news

ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা চৰকাৰী বিনামূলীয়া পাঠ্যপুথি দোকানত বিক্ৰী ৷ ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিলাসীপাৰাৰ চৌধুৰীৰ চৰ মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰীত বিনামূলীয়া পাঠ্যপুথি বিক্ৰী শিক্ষকৰ

By

Published : May 30, 2019, 12:36 PM IST

ধুবুৰী, 30 মে': ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা চৰকাৰী বিনামূলীয়া পাঠ্যপুথি দোকানত বিক্ৰী ৷ ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিলাসীপাৰাৰ চৌধুৰীৰ চৰ মধ্য ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয় খনৰ সহকাৰী শিক্ষক গোলাপ উদ্দিন আহমেদে চোৰাং কৈ চৰকাৰী আঁচনিৰ বিনামূলীয়া পাঠ্যপুথি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
শিক্ষকজনে চৰকাৰী আঁচনিৰ পাঠ্যপুথি সমূহ দোকানীৰ ওচৰত বিক্ৰী কৰিবলৈ লওতেই হাতে লোটে ধৰা পেলায় ৰাইজে ৷ লগতে জব্দ কৰে চোৰাং কৈ বিক্ৰীৰ বাবে অনা পাঠ্যপুথি সমূহ ৷ তাৰোপৰি ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী থানাত ৰাজহুৱাকৈ গোচৰ তৰে শিক্ষকজনৰ বিৰুদ্ধে ৷

ধুবুৰীত বিনামূলীয়া পাঠ্যপুথি বিক্ৰী শিক্ষকৰ


আৰু পঢ়কঃ ধন সোণেৰে ভৰি থকা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰে এটা ঐতিহাসিক পুখুৰী

আনহাতে, বিলাসীপাৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনোজ ফুকনৰ সহযোগত বিলাসীপাৰাত প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষা বিভাগ এতিয়া মৃত্যু মুখৰ দিশে গতি কৰিবলৈ লোৱাৰো অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details