অসম

assam

ETV Bharat / state

Fraud for CSP in Dhubri: ৰাষ্ট্ৰীয়কৃত বেংকৰ হৈ গ্ৰাহক সেৱা কেন্দ্ৰ প্ৰদানৰ নামত প্ৰৱঞ্চকৰ লুণ্ঠন - Fraud in name of providing CSP

বিভিন্ন বেংকৰ হৈ গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চি এছ পি প্ৰদানৰ নামত একাংশই পাতিছে প্ৰৱঞ্চনাৰ জাল । প্ৰৱঞ্চনাৰ জাল পেলাই সহজ সৰল নিৱনুৱাৰ পৰা একাংশই লুটিছে লাখে লাখে টকা (Fraud in name of providing CSP for Nationalised Bank) । প্ৰৱঞ্চনাৰ বলি হোৱা একাংশ ভুক্তভোগীয়ে অৱশেষত আৰক্ষী থানাত তৰিলে গোচৰ । কিন্তু ধুৰন্ধৰ প্ৰৱঞ্চক পেৰিছৰ ভাবুকি "মোৰ মামা DIG, ওলোটাই তহঁতক ভৰাই থব লকআপত" ।

Robbing customer by assuring to provide CSP
CSP ৰ নামত গ্ৰাহকক লুণ্ঠন প্ৰৱঞ্চকৰ

By

Published : Mar 3, 2023, 8:57 AM IST

CSP ৰ নামত গ্ৰাহকক লুণ্ঠন প্ৰৱঞ্চকৰ

ধুবুৰী,৩ মাৰ্চ: ভিন্ন প্ৰৱঞ্চকৰে ভৰি পৰিছে ৰাজ্য । ATM প্ৰৱঞ্চকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰৱঞ্চনাৰ জালত পেলাই ধন লুট কৰা ঘটনা প্ৰায়েই পোহৰলৈ অহা পৰিলক্ষিত হৈছে । কিন্তু এইবাৰ ওলাইছে ৰাষ্ট্ৰীয়কৃত বেংকৰ হৈ গ্ৰাহক সেৱা কেন্দ্ৰ অৰ্থাৎ CSP প্ৰদানৰ নামত প্ৰৱঞ্চক । ধুবুৰী জিলাৰ গৌৰীপুৰত নতুনকৈ CSP প্ৰদানৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাইছে এটা প্ৰৱঞ্চকে(Fraud in name of providing CSP for Nationalised Bank) । ধুবুৰীৰ গৌৰীপুৰ নগৰৰ ৬ নং ৱাৰ্ডৰ মহমাদুল হক ওৰফে পেৰিছ নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ(CSP fraud in Dhubri) ।

নিজকে এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ কৰ্মচাৰী বুলি দাবী কৰা পেৰিছে নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটাকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত ৰাষ্ট্ৰীয়কৃত বেংকৰ হৈ চি এছ পি প্ৰদানৰ নামত সংগ্ৰহ কৰি আহিছে ধন । একাংশ নিবনুৱাক ফোনযোগে মাতি নি চি এছ পি আৱন্তনৰ নামত ১ লাখ ২০ হাজাৰ টকাৰ পৰা ১ লাখ ৬০ হাজাৰ অথবা দুই লাখ টকালৈকে সংগ্ৰহ কৰি গৈছে প্ৰৱঞ্চক পেৰিছে(Loot of funds assured of providing SBI CSP) ।

প্ৰৱঞ্চনাৰে বহুজনৰ পৰা প্ৰায় ১৭ লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে পেৰিছৰ বিৰুদ্ধে । ইয়াৰে ভিতৰত আব্দুল খালেক আৰু হিবজুৰ ৰেজাউল্লাহ মণ্ডল নামৰ গৌৰীপুৰৰ দুই যুৱকে মিলি বেংকৰ চি এছ পি পোৱাৰ আশাত ২ লাখ ৮০ হাজাৰ টকা আগধন দিয়াৰ অভিযোগ উত্থাপন হৈছে । আব্দুল খালেকে ১ লাখ ৬০ হাজাৰ টকা আৰু হিবজুৰ ৰেজাউল্লাহ মণ্ডলে ১ লাখ ২০ হাজাৰ টকা পেৰিছক দিয়াৰ বুলি উল্লেখ কৰিলে ভুক্তভোগীয়ে ।

গুৱাহাটীৰ NE SOLUTIONS নামৰ এটি প্ৰতিষ্ঠানৰ বিপৰীতে অনলাইন প্রেমেণ্টৰ জৰিয়তে ধন সংগ্ৰহ কৰি মানি ৰিচিভ দিয়া বুলিও উল্লেখ কৰিলে ভুক্তভোগীয়ে । প্ৰায় দুবছৰ পূৰ্বে ৰাষ্ট্ৰীয়কৃত বেংক SBI ৰ বাবে গ্ৰাহক সেৱা কেন্দ্ৰ(Customer Service Point) প্ৰদানৰ কথা কৈ ধনখিনি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে পেৰিছৰ বিৰুদ্ধে । পৰৱৰ্তী সময়ত বেংক সলনি কৰি পাঞ্জাৱ নেচনেল বেংকৰ হৈ গ্ৰাহক সেৱা কেন্দ্ৰৰ আৱন্তন দিয়াৰ আশ্বাস দিছিল যদিওঁ শেষত প্ৰৱঞ্চক পেৰিছে এইটো বেংকৰো চি এছ পি নিদি গ্ৰামীণ চি এছ পি চাৰ্ভিছ নামৰ এটা পৰ্টেলৰ জৰিয়তে কাম কৰাৰ বাবেহে প্ৰস্তাৱ দিলে ।

ইপিনে চি এচ পি নাপাই আগধন হিচাপে দিয়া বৃহৎ ধনৰাশি ঘূৰাই বিচাৰি হিবজুৰ আৰু খালেকে হাহাকাৰ কৰি ফুৰাৰ সময়তে প্ৰৱঞ্চক মহমাদুল হক ওৰফে পেৰিছে ওলোটাইহে ভাবুকি প্ৰদান কৰি আহিছে এই দুয়োজন যুৱকক । ধন আদায় দিয়াৰ ভয়ত বঙাইগাঁৱত আত্মগোপন কৰি থাকি পেৰিছে আঁতৰৰ পৰাই প্ৰদান কৰি আহিছে দুয়োকে গ্ৰেপ্তাৰৰ ভাবুকি । পেৰিছে তেওঁৰ মোমায়েক অসম আৰক্ষীৰ DIG বুলি কৈ ওলোটাই অভিযোগকাৰী দুই যুৱকক লকআপত ভৰাই থোৱাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰিলে ভুক্তভোগী যুৱকদ্বয়ে ।

ইতিমধ্যে ভুক্তভোগী দুই যুৱকে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ এতিয়া গৌৰীপুৰ আৰক্ষীয়ে DIG ৰ ভাগিন মহমাদুল হক ওৰফে পেৰিছ নামৰ প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়াই হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:Naroram Barman Football Match: 3 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব 43 সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল খেল

ABOUT THE AUTHOR

...view details