অসম

assam

ETV Bharat / state

গৌৰীপুৰত জাল নোটসহ চাৰিটাকৈ পিষ্টল উদ্ধাৰ - ধুবুৰী আৰক্ষী

গৌৰীপুৰ আৰক্ষীৰ সহযোগত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই গাঁৱখনৰ মজিবৰ ৰহমানৰ নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ কৰে চাৰিটাকৈ হস্তনিৰ্মিত পিষ্টল ।

ধুবুৰীৰ গৌৰীপুৰত জাল নুটৰ সহ চাৰিটাকৈ পিষ্টল উদ্ধাৰ
ধুবুৰীৰ গৌৰীপুৰত জাল নুটৰ সহ চাৰিটাকৈ পিষ্টল উদ্ধাৰ

By

Published : Apr 22, 2021, 6:15 PM IST

ধুবুৰী,22 এপ্ৰিল:ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ অন্তৰ্গত লালকুৰাত আৰক্ষীয়ে অভিযান চলাই জাল নোটৰ লগতে চাৰিটাকৈ পিষ্টল উদ্ধাৰ কৰে ৷ গৌৰীপুৰ আৰক্ষীৰ সহযোগত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই গাঁৱখনৰ মজিবৰ ৰহমান নামৰ এজন লোকৰ ঘৰত এই সামগ্ৰীখিনি উদ্ধাৰ কৰে ৷

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত উদ্ধাৰ হয় চাৰিটাকৈ হস্তনিৰ্মিত পিষ্টল । লগতে উদ্ধাৰ হৈছে গুলী প্ৰস্তুত কৰা আপত্তিজনক সামগ্ৰী আৰু এক লাখ ভাৰতীয় টকাৰ জাল নোট । ইয়াৰ সৈতে জড়িত থকাৰ অভিযোগত মজিবৰ ৰহমান নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ৰহমানক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, ধৃত লোকজন কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছে নে নাই সেয়া আৰক্ষীৰ জেৰাৰ পাচতে পোহৰলৈ আহিব । কিন্তু এগৰাকী খেতিয়কৰ ঘৰৰ পৰা চাৰিটাকৈ পিষ্টল আৰু জাল নোট উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

ABOUT THE AUTHOR

...view details