ধুবুৰী, ২৯ নৱেম্বৰ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে দেওবাৰে ধুবুৰী জিলাৰ ৩ খন আৰক্ষী থানাৰ আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন কৰে । ধুবুৰী সদৰ থানা, তামাৰহাট আৰু সাপটগ্ৰাম আৰক্ষী থানাৰ আৰক্ষী নিৱেশৰ আধাৰশিলা ভিডিঅ' কনফাৰেন্সযোগে স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । পি ই বি প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব আৰক্ষী নিৱেশ ।
দেওবাৰে মাজুলীত অনুষ্ঠিত এক আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আন জিলাত ভিডিঅ' কনফাৰেন্সযোগে আধাৰশিলা স্থাপন কৰে।