অসম

assam

ETV Bharat / state

ধুবুৰীত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি - corruption

প্ৰায় এবছৰৰ আগতে স্থাপন কৰা এখন আধাৰশিলা ৷ আধাৰশিলাৰ ফলকত উল্লেখ নাই আঁচনিৰ কোনো তথ্য ৷ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ চাৰিসীমাৰ বেৰ নিৰ্মাণ কৰিবলৈ স্থাপন কৰা এই আধাৰশিলা এবছৰ ধৰি তেনেদৰেই পৰি ৰ’ল ৷ আজিলৈকে ৰাইজৰ দৃষ্টিগোচৰ নহ’ল খেলপথাৰৰ বেৰ নিৰ্মাণৰ কাম ৷

etv bharat

By

Published : Jun 20, 2019, 7:04 PM IST

Updated : Jun 20, 2019, 10:08 PM IST

ধুবুৰী, 20 জুন: বিগত বৰ্ষৰ পাঁচ আগষ্টত ধুবুৰীত স্থাপন কৰা হয় এটা আধাৰশিলা ৷ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ চাৰিসীমা বেৰ নিৰ্মাণৰ বাবে আধাৰশিলাটো স্থাপন কৰে ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ৷ পিছে আচৰিত কথা আধাৰশিলাটোত উল্লেখ নাই আঁচনিখনৰ বিতং তথ্য ৷ আধাৰশিলাৰ ফলক প্ৰত্যক্ষ কৰি বিবুদ্ধিত পৰে স্থানীয় ৰাইজ ৷

তথ্য সম্বলিত নকৰাকৈ স্থাপিত আধাৰশিলাৰ ফলক

সম্প্ৰতি, সেই আধাৰশিলা স্থাপন কৰা প্ৰায় এবছৰ হ’বৰ হ’ল ৷ ঠিকাদাৰেও কামৰ প্ৰায় বিশ শতাংশ সম্পূৰ্ণ কৰি গা-এৰা দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ আধাৰশিলা স্থাপনৰ দিনাৰ পৰা এই পৰ্যন্ত স্থানীয় ৰাইজো বিবুদ্ধিতে থাকিল ৷ আধাৰশিলাৰ নাম ফলকত কোন আঁচনিৰ শিতানত কিমান টকা ব্যয় কৰা হৈছে অথবা কিমান দিনৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব সেই কথা এতিয়াও স্পষ্ট নহ’ল ৰাইজৰ ৷ এনেধৰণৰ আজৱ কাণ্ডৰ বাবে এতিয়া জিলা প্ৰশাসনৰ পৰা উত্তৰ বিচাৰিছে ৰাইজে ৷

ধুবুৰীত আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি

ৰাইজৰ প্ৰশ্ন, কি কাৰণত ৰাইজৰ পৰা গোপনে ৰাখিবলৈ চেষ্টা কৰা হৈছে আঁচনিৰ তথ্য? কোনখন আঁচনি শিতানৰ পৰা কিমান টকাৰ ব্যয় সাপেক্ষে কৰা হৈছে এই কাম ? লগতে, নাম ফলকত টকা উল্লেখ নকৰাকৈ এই কামৰ জৰিয়তে লাখ লাখ টকা হৰলুকী ষড়যন্ত্ৰ কৰিছে নেকি জিলা উপায়ুক্তই ? এই সকলোবোৰ প্ৰশ্ন অতি শীঘ্ৰে স্পষ্ট কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

Last Updated : Jun 20, 2019, 10:08 PM IST

ABOUT THE AUTHOR

...view details