অসম

assam

ETV Bharat / state

হায়দৰাবাদত আবদ্ধ ধুবুৰীৰ চল্লিশজন লোক !

হায়দৰাবাদত আবদ্ধ হৈ আছে ধুবুৰীৰ চল্লিশ জনকৈ লোক। লক্ ডাউনৰ পূৰ্বেই ধুবুৰী জিলাৰ চলাকুৰা অঞ্চলৰ এই চল্লিশ জন লোক হায়দৰাবাদলৈ আহিছিল সিকিয়া বিক্ৰী কৰিবলৈ । কিন্তু হঠাৎ দেশজুৰি লক্ ডাউন ঘোষণা কৰাত আবদ্ধ হৈ পৰে এই লোক সকল ৷

corona virus news
corona virus news

By

Published : Mar 28, 2020, 2:27 PM IST

ধুবুৰী, 28 মাৰ্চ :কৰ'ণা আতংক আৰু লক্ ডাউনৰ বাবে হায়দৰাবাদত আবদ্ধ হৈ আছে ধুবুৰীৰ চল্লিশ জনকৈ লোক। লক্ ডাউনৰ পূৰ্বেই ধুবুৰী জিলাৰ চলাকুৰা অঞ্চলৰ এই চল্লিশ জন লোক হায়দৰাবাদলৈ আহিছিল সিকিয়া বিক্ৰী কৰিবলৈ । কিন্তু হঠাৎ দেশজুৰি লক্ ডাউন ঘোষণা কৰাত আবদ্ধ হৈ পৰে এই লোক সকল ৷ হায়দৰাবাদৰ এল বি নগৰত আবদ্ধ হৈ থকা ধুবুৰীৰ চল্লিশ জন লোকে এতিয়া টকা পইচাৰ অভাৱত চৰম খাদ্য সংকটত ভুগিব লগীয়া হৈছে । আৱদ্ধ হৈ থকা লোক সকলে তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে বিনম্ৰতাৰে আহ্বান জনাইছে স্থানীয় পঞ্চায়ত সভাপতি তমেজ উদ্দিনৰ লগতে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু সাংসদ বদৰুদ্দিন আজমলক । সম্প্ৰতি কৰ'ণাতংকৰ সমান্তৰালভাৱে চৰম খাদ্য সংকটত পৰি হাহাকাৰ কৰিছে এই সকল লোকে ।

হায়দৰাবাদত আবদ্ধ ধুবুৰীৰ চল্লিশজন লোক !
লগতে পঢ়ক :মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান বিধায়ক সুৰেণ ফুকন,তেৰছ গোৱালা আৰু মন্ত্ৰী সঞ্জয় কিষানৰ

ABOUT THE AUTHOR

...view details