অসম

assam

গৰুৰ চোৰাং বেপাৰত জড়িত প্ৰাক্তন বিধায়কৰ ভতিজা

By

Published : Sep 21, 2020, 4:59 AM IST

গৰুৰ চোৰাং ব্যাৱসায়ৰ লগত জড়িত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীৰ ভতিজা গ্ৰেপ্তাৰ হোৱা ঘটনাই সমষ্টিত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনোৱাৰ হক নামৰ এজন গৰু বেপাৰীৰ আটক হোৱাৰ পাচতেই পোহৰলৈ আহে এই ঘটনা ৷

former mla's nephew joint with illegal cattle smuggling
former mla's nephew joint with illegal cattle smuggling

গোলকগঞ্জ, 20 ছেপ্টেম্বৰ : পশ্চিমবংগৰ পৰা গৰু সমুহ প্ৰতিনিয়ত ধুবুৰী জিলাৰ মাজেৰে বাংলাদেশলৈ চালান দিয়া বৃহৎ চক্ৰ ধুবুৰী জিলাত সক্ৰিয় হৈ আছে ৷ কিন্তু আনন্দ মিশ্ৰই ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাচৰে পৰা নিদ্ৰা হৰণ হৈছে গৰু-ম’হৰ চোৰাং বেপাৰীৰ ৷ ২৭ আগষ্টত গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথৰ নেতৃত্বত এটা আৰক্ষী দলে ৰতিয়াদহত AS 17 C 1434 নম্বৰৰ এখন পিক আপ ভান খনক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও তীব্ৰ বেগে পলায়ন কৰে ৷

গৰুৰ চোৰাং বেপাৰত জড়িত প্ৰাক্তন বিধায়কৰ ভতিজা

আৰক্ষীয়ে কেইবাজাই গুলী ফুটাই ৰখাবলৈ চেষ্টা কৰে যদিও গাড়ীখন বালাজানৰ পৰা ঢেপঢেপী অভিমুখে যাওঁতেই বাগৰি পৰে ৷ সুযোগ বুজি চালক পলায়ন কৰে যদিও পৰিচালক আনোৱাৰ হক আটক হয় ৷ ইয়াৰ লগতে উদ্ধাৰ হয় ২ টা ম’হ আৰু ৫ টা গৰু ৷ এই সন্দৰ্ভত গোলকগঞ্জ থানাত ৭৮১ / ২০ নম্বৰত এটা গোচৰ ৰুজু হয় ৷

ধৃত আনোৱাৰে উক্ত কাৰ্যৰ লগত গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ আলী বেপাৰীৰ ভতিজা ইউনুচ বেপাৰী জড়িত বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে ৷ উক্ত গোচৰৰ আধাৰত কংগ্ৰেছ নেতা জনৰ ভতিজাক গ্ৰেপ্তাৰ কৰে যদিও নবিউল নামৰ আনজন পলাতক হৈ আছে ৷ এতিয়া স্পষ্ট হৈ পৰে যে গৰুৰ চোৰাং বেপাৰৰ লগত একাংশ ৰাজনৈতিক নেতাৰ আশিসপুষ্ট লোক জড়িত হৈ আছে ৷

লগতে পঢ়ক :কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন কৃষক বিৰোধী: ভাস্কো ডি শইকীয়া

ABOUT THE AUTHOR

...view details