অসম

assam

ETV Bharat / state

পূৰ্বৰ চৰকাৰৰ ঋণ অগপ চৰকাৰে পৰিশোধ কৰিছিলঃ প্ৰফুল্ল কুমাৰ মহন্ত

মঙলবাৰে দুপৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ধুবুৰীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত অগপ চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হৈছিল বুলি কোৱাৰ লগতে অগপ চৰকাৰৰ দিনত ফাইনেঞ্চিয়েল পেটাৰ্ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৯০ শতাংশ গ্ৰাণ্টলৈ নিয়াৰ পৰিৱৰ্তে কেৱল ১০ শতাংশ লোন হিচাপে গৃহীত হৈছিল আৰু ১৯৯০ চনৰ পৰা অসমত নতুন ফাইনেঞ্চিয়েল পেটাৰ্ণ প্ৰযোজ্য হয় বুলি অবগত কৰে । অগপ চৰকাৰৰ পূৰ্বৰ চৰকাৰে কৰ্মচাৰীক দৰমহা দিবৰ বাবে ব্যক্তিগত কোম্পানীৰ পৰা বহু কোটি টকাৰ লোন লৈছিল বুলি কৈ সেই ঋণ অগপ চৰকাৰে পৰিশোধ কৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰে মহন্তই । ইপিনে ৰাজ্যখনত চলি থকা গৰু,চুপাৰী,ধঁপাত আদিকে ধৰি বিভিন্ন ছিণ্ডিকেট প্ৰসংগ উত্থাপন কৰে ৷

By

Published : Jul 14, 2020, 10:38 PM IST

Former Chief Minister Prafulla kumar mahanta at Dhuburi
পূৰ্বৰ চৰকাৰৰ ঋণ অগপ চৰকাৰে পৰিশোধ কৰিছিলঃ প্ৰফুল্ল কুমাৰ মহন্ত

ধুবুৰী, 14 জুলাই : আঞ্চলিক দলৰ চৰকাৰ অবিহনে ৰাজ্য এখনৰ উন্নয়ন যথেষ্ট পিছুৱাই গৈছে । এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ । মঙলবাৰে দুপৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰাৰ লগতে আগতে অসমত অগপ চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হৈছিল বুলি কৈ অগপ চৰকাৰৰ দিনত ফাইনেঞ্চিয়েল পেটাৰ্ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৯০ শতাংশ গ্ৰাণ্টলৈ নিয়াৰ পৰিৱৰ্তে কেৱল ১০ শতাংশ ঋণ হিচাপে গৃহীত হৈছিল আৰু ১৯৯০ চনৰ পৰা অসমত নতুন ফাইনেঞ্চিয়েল পেটাৰ্ণ প্ৰযোজ্য হয় বুলি অৱগত কৰে ।

পূৰ্বৰ চৰকাৰৰ ঋণ অগপ চৰকাৰে পৰিশোধ কৰিছিলঃ প্ৰফুল্ল কুমাৰ মহন্ত

অগপ চৰকাৰৰ পূৰ্বৰ চৰকাৰে কৰ্মচাৰীক দৰমহা দিবৰ বাবে ব্যক্তিগত কোম্পানীৰ পৰা বহু কোটি টকাৰ ঋণ লৈছিল বুলি কৈ সেই ঋণ অগপ চৰকাৰে পৰিশোধ কৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰে মহন্তই । কিন্তু বৰ্তমানৰ চৰকাৰে পূৰ্বৰ ফাইনেঞ্চিয়েল পেটাৰ্ণৰ বহু পৰিৱৰ্তন কৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই । ইপিনে অগপ চৰকাৰৰ দিনত আই আই টি,কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰম্ভ হৈছিল বুলি মন্তব্য কৰি লগতে কয় যে,গেছ ক্ৰেকাৰ প্ৰকল্প আৰু অইলৰ ৰয়েল্টি বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল ।

আঞ্চলিক দলৰ চৰকাৰ থকা আন-আন ৰাজ্য সমূহতো উন্নয়ন হৈছে বুলি কৈ আঞ্চলিক দল শক্তিশালী হোৱাৰ বিপৰীতে আঞ্চলিক দলৰ চৰকাৰ হ'লেহে ৰাজ্য এখনৰ উন্নয়ন সম্ভৱ বুলি কোৱাৰ বিপৰীতে আঞ্চলিক দলৰ চৰকাৰ নোহোৱা বাবেই উন্নয়ন পিছুৱাই গৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ইপিনে ৰাজ্যত নতুনকৈ আঞ্চলিক দল গঠন হোৱা প্ৰসংগ উপস্থাপন কৰাত মহন্তই জনাই যে,ভাৰতীয় সংবিধানতেই আছে যে,প্ৰতিজন নাগৰিকে আঞ্চলিক দল বা ৰাষ্ট্ৰীয় দল খুলিব পাৰে । আনহাতে,অসমত আঞ্চলিকতাবাদ কমিছে নেকি বুলি সাংবাদিকৰ প্ৰশ্নোত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আগতকৈ আঞ্চলিকতাবাদ বাঢিছেহে কমা নাই বুলি উল্লেখ কৰে ৷

ইপিনে ৰাজ্যখনত চলি থকা গৰু,চুপাৰী,ধঁপাত আদিকে ধৰি বিভিন্ন ছিণ্ডিকেট প্ৰসংগ উত্থাপন কৰি চৰকাৰে আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি কৈ যি সময়ত ৰাজ্যত লক ডাউন চলি আছে তেনে সময়তে চোৰাংভাৱে ট্ৰাক সমূহ কি দৰে পাৰ হৈছে বুলি উল্লেখ কৰে মহন্তই ।

লগতে পঢ়ক : বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰফুল্ল কুমাৰ মহন্তই

ABOUT THE AUTHOR

...view details