অসম

assam

ETV Bharat / state

Formalin in milk: গাখীৰৰ নামত বৰবিহ সেৱন ধুবুৰীবাসীৰ ! - Formalin found in milk

গাখীৰ কিনোতে সাৱধান ! মাছ, পাচলিৰ পিছত এইবাৰ গাখীৰত বিষাক্ত ফৰ্মেলিন জাতীয় দ্ৰব্য । ধুবুৰীত গাখীৰৰ নামত গ্ৰাহকে খাইছে বৰবিহ । গাখীৰত কেমিকেল, পাউদাৰ মিহলাই ধুবুৰীৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰা হৈছে হেজাৰ হেজাৰ লিটাৰ গাখীৰ । খাদ্য সুৰক্ষা বিষয়াৰ ভাষ্যত পোহৰলৈ এই ভয়ংকৰ তথ্য ।

Milk mixed with toxins in Dhubri
গাখীৰৰ নামত বৰবিহ সেৱন ধুবুৰীবাসীৰ

By

Published : Aug 11, 2023, 7:44 AM IST

গাখীৰৰ নামত বৰবিহ সেৱন ধুবুৰীবাসীৰ

ধুবুৰী, ১১ আগষ্ট: খাদ্যৰ নামত ৰাজ্যবাসীয়ে খাইছে বৰবিহ । মাছ, পাচলিৰ পিছত অমৃততুল্য গাখীৰত মিহলোৱা হৈছে মানৱ সমাজলৈ ভাবুকি কঢ়িয়াই আনিব পৰা বিষাক্ত দ্ৰব্য । খাদ্য সুৰক্ষা বিভাগৰ ফৰেনচিক পৰীক্ষাত ওলাইছে এক ভয়ংকৰ তথ্য । ধুবুৰীত গাখীৰৰ নামত ৰাইজে সেৱন কৰিছে বৰবিহ ।

ধুবুৰী চহৰলৈ প্ৰতিদিনে চৰাঞ্চলৰ পৰা আহে হাজাৰ হাজাৰ লিটাৰ গাখীৰ । প্ৰতিদিনেই সেই গাখীৰেই সেৱন কৰি আহিছে ধুবুৰী চহৰৰ বাসিন্দাই । পিছে দীৰ্ঘদিনৰপৰা এই গাখীৰ সমূহত কেমিকেল, পাউদাৰ মিহলাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

তেনে সময়তে কেইদিনমান পূৰ্বে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গাখীৰৰ বেপাৰীয়ে কেমিকেল মিহলাই থকাৰ দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰি হাতে লোটে ধৰি গাখীৰখিনি জব্দ কৰে যদিও ধুবুৰী চলাকুৰা চৰৰ কদম আৰু আন এজন বেপাৰী পলাই পত্ৰং দিয়ে ।

দীৰ্ঘদিনৰ পৰা বেপাৰীসকলে গাখীৰৰ নামত বৰবিহ বিক্ৰী কৰি আহিছে যদিও জিলা প্ৰশাসন বা খাদ্য সুৰক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথাপিত হৈ আহিছিল । শিশুৰপৰা বৃদ্ধ লৈকে প্ৰতিদিনে এই গাখীৰ সেৱন কৰে যদিও ধুবুৰী জিলাপ্ৰশাসন গভীৰ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে ।

প্ৰতিদিনে চৰ অঞ্চলৰ পৰা নাৱৰে আহি থাকোঁতে ব্ৰহ্মপুত্ৰৰ পানী লৈ পানীত কেমিকেল মিহলাই ধুবুৰীৰ বিভিন্ন প্ৰান্তত গাখীৰ বিক্ৰী কৰি আহিছে গাখীৰ বিক্ৰেতাই । ইয়াৰ মাজতে কেইদিনমান পূৰ্বে খাদ্য সুৰক্ষা বিভাগে ধুবুৰীৰ সংগৃহিত গাখীৰৰ নমুনা পৰীক্ষা কৰাত একাংশ নমুনাত ধৰা পৰিছে পাউডাৰ আৰু ফৰ্মেলিন জাতীয় ৰসায়নিক দ্ৰব্য মিহলি কৰাৰ কথা আৰু খোদ জিলাখনৰ খাদ্য পৰিদৰ্শকৰ ভাষ্যত পোহৰলৈ আহে এই ভয়ংকৰ এই তথ্য ।

ধুবুৰী জিলাৰ খাদ্য পৰিদৰ্শক আৰিফা বেগমৰ এক ভাষ্যই উত্থাপিত কৰিছে এই ভয়ংকৰ দিশ । বুধবাৰে স্থানীয় একাংশ সাংবাদিককে হোৱা কথা-বতৰাত ধুবুৰীৰ পৰা সংগ্ৰহিত গাখীৰ একাংশ নমুনা নিম্ন মানদণ্ডৰ পোৱা যোৱা তথ্য ই-মেইল যোগে পোৱা বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

তেখেতৰ ভাষ্যত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা গাখীৰৰ একাংশ নমুনাত পাউডাৰ জাতীয় সামগ্ৰীকে ধৰি মানৱ শৰীৰৰ ভাবে অত্যন্ত ক্ষতিকাৰক ফৰ্মেলিনজাতীয় ৰাসায়নিক সামগ্ৰী পোৱা বুলিও এক ভয়ংকৰ দিশ পোহৰলৈ আহিছে । এতিয়া প্ৰশ্ন হয়, বিভাগীয় কৰ্তৃপক্ষই ভেজাল গাখীৰৰ বিৰুদ্ধে অনাগত দিনত অভিযান অব্যাহত ৰাখিব নে, নে এনেকৈয়ে গাখীৰৰ নামত ধুবুৰীবাসীয়ে সেৱন কৰি থাকিব বৰবিহ ?

লগতে পঢ়ক:Minor girl rape: নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত অসম আৰক্ষীৰ কনিষ্টবলক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details