অসম

assam

By

Published : Apr 12, 2021, 6:28 AM IST

Updated : Apr 12, 2021, 9:10 AM IST

ETV Bharat / state

কাৰ ছত্ৰছাঁয়াত ধুবুৰীত চলিছে বালি মাটিৰ চিণ্ডিকেট ?

ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি কোম্পানীক মাটি প্ৰদানৰ অনুমতি লৈ চিণ্ডিকেট চক্ৰটোৱে ক’লা বজাৰত বিক্ৰী কৰি আহিছে বালিমাটি । ধুবুৰীৰ বন বিষয়া জড়িত থকাৰ অভিযোগ ৷

forest syndicate at dhubri distric
ধুবুৰীত বন বিভাগৰ আৰ্শীষ ধন্য হৈ বালিমাটিৰ বৃহৎ চিণ্ডিকেট

ধুবুৰী, 12 মাৰ্চ : ধুবুৰী জিলা বন বিভাগে দেওবাৰে অভিযান চলাই পাঁচখন বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে । উল্লেখ্য যে, ধুবুৰীৰ বন বিষয়া বিজয় টি পলভি আৰু ৰেঞ্জাৰ হৰিশ চন্দ্ৰ নাথৰ আশীৰ্বাদত এটা চক্ৰই দীর্ঘদিনে বালিমাটিৰ বৃহৎ চিণ্ডিকেট চলাই যোৱাৰ অভিযোগ উঠিছে । অবৈধভাবে ব্ৰহ্মপুত্ৰৰ বুকু খান্দি দিনে-ৰাতিয়ে ৰাজহ ফাঁকিৰে বালিৰ ক’লা বেহা চলাই আহিছে চিণ্ডিকেট চক্ৰটোৱে ।

ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি কোম্পানীক মাটি প্ৰদানৰ অনুমতি লৈ চিণ্ডিকেট চক্ৰটোৱে ক’লা বজাৰত বিক্ৰী কৰি আহিছে বালিমাটি । বন বিভাগৰ লগত মিতিৰালিৰে এই চক্ৰটোৱে প্ৰতিদিনে অবৈধ ভাৱে চালান ফাঁকিৰে শ শ ডাম্পাৰৰ মাটি বিক্ৰী কৰিছে ধুবুৰীৰ বিভিন্ন স্থানত ।

কাৰ ছত্ৰছাঁয়াত ধুবুৰীত চলিছে বালি মাটিৰ চিণ্ডিকেট ?

বন বিষয়া আৰু ৰেঞ্জাৰৰ সহযোগত ফাৰুক, জুৰান আলী, দীপক আলী, মহিবুল, লুইছ আৰু আমিনুৰৰ নেতৃত্বত জিলাখনত চলিছে এই বালি মাফিয়া ৷ ধুবুৰী জিলা বন বিষয়াই কিছুদিন পূৰ্বে বালি ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যদিও বৰ্তমানলৈ বিভাগটোৱে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

মাজে সময়ে বন বিভাগে নাটকীয় অভিযান চলাই কেইখনমান ট্ৰেক্টৰ আৰু ডাম্পাৰ জব্দ কৰি জৰিমনা বিহে যদিও পুনৰ সক্ৰিয় হৈ উঠে এই চিণ্ডিকেট । একেই নাটকীয় অভিযান চলাই দেওবাৰে বন বিভাগে জব্দ কৰে বালি ভৰ্তি ডাম্পাৰকেইখন ।

লগতে পঢ়ক :ক’ভিড প্ৰট’কল মানি চলিব লাগিব: সৰ্বানন্দ সোণোৱাল

Last Updated : Apr 12, 2021, 9:10 AM IST

ABOUT THE AUTHOR

...view details