অসম

assam

ETV Bharat / state

বিলাসীপাৰাত বন বিভাগৰ অভিযান: জব্দ অত্যাধুনিক মেচিন - গৌৰাং নৈ

গৌৰাং নৈত একাংশ অসাধু লোকে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি কৰি অবৈধ ভাৱে বালি খনন কৰি অহাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বিলাসীপাৰাত বন বিভাগৰ অভিযান ৷ ৰোকাখাতা, লক্ষীগঞ্জ আৰু শালকোচা বন বিষয়া কৰ্মচাৰীয়ে যৌথ অভিযান চলাই ডুবাচুৰী অঞ্চলৰ পৰা পাইপসহ এটা মেচিন জব্দ কৰিবলৈ সক্ষম হয় ৷

বিলাসীপাৰাত বন বিভাগৰ অভিযান: জব্দ অত্যাধুনিক মেচিন
বিলাসীপাৰাত বন বিভাগৰ অভিযান: জব্দ অত্যাধুনিক মেচিন

By

Published : Feb 9, 2021, 11:04 AM IST

পশ্চিম বিলাসীপাৰা, 9 ফেব্ৰুৱাৰী: বিলাসীপাৰাত বন বিভাগৰ অভিযান ৷ দীৰ্ঘদিনৰ পৰা গৌৰাং নৈত একাংশ অসাধু লোকে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি কৰি অবৈধ ভাৱে বালি খনন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ তাৰ মাজতে সোমবাৰে বিলাসীপাৰাৰ ৰোকাখাতা, লক্ষীগঞ্জ আৰু শালকোচা বন বিষয়া কৰ্মচাৰীয়ে যৌথ অভিযান চলাই ডুবাচুৰী অঞ্চলত ৷

বিলাসীপাৰাত বন বিভাগৰ অভিযান: জব্দ অত্যাধুনিক মেচিন
এক গোপন সূত্ৰৰ পমখেদি চলোৱা অভিযানত ডুবাচুৰী প্ৰথম খণ্ড গাঁৱত গৌৰাং নদীৰ বুকুত তেনে মেচিন স্থাপন কৰি অবৈধভাবে বালি খনন কৰি থকা প্ৰত্যক্ষ কৰে । লগে লগে বনবিষয়া তথা বনকৰ্মী সকলে পাইপসহ এটা মেচিন জব্দ কৰি ৰোকাখাতা বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহয় ৷ সম্প্ৰতি অঞ্চলটোত বনবিভাগৰ দলে অসাধু চক্ৰটোৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details