ধুবুৰী,27 নৱেম্বৰঃ ২০১০ চনত নিযুক্তি পত্ৰ লাভ কৰা এজন বন কৰ্মীৰ চকুত আজি চকুলো। বনাঞ্চল সুৰক্ষাৰ পৰিৱৰ্তে এতিয়া কৰিছে দিন হাজিৰা। কৰিছে কুলিৰ কাম। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই বন বিভাগে বছৰ বছৰে কন্দুৱাইছে এজন নিষ্ঠাবান বন কৰ্মীক। বিপৰীতে এজন ভুৱা বন কৰ্মীয়ে ভোগ কৰিছে চৰকাৰী দৰমহা।
বিটিএডিৰ এজন বন কৰ্মীৰ বিননি শুনিব কোনে ? - নিযুক্তি পত্ৰ লাভ কৰা
বিটিএডিৰ মাক্ৰিঝোৰাৰ মণিপুৰ প্ৰথম খণ্ড গাঁওৰ আব্দুল্লা শেখৰ পুত্ৰ ফজল হক নামৰ লোকেজনে ১৯৯৩ চনৰ পৰা মাষ্টাৰ ৰোলত এজন কেজুৱেল লেবাৰ হিচাপে কাম কৰি আহিছিল খৰাঘট ৰেঞ্জৰ অন্তৰ্গত মাক্ৰিঝোৰা বিট কাৰ্য্যালয়ত। তাৰ পিছতে ১৯৯৬ চনত মাক্ৰিঝোৰাৰ ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ টিক চেগুন বাগান এখন চোৱাচিতাৰ বাবে ফজলক দায়িত্ব দিছিল তদানীন্তন বিট অফিচাৰ সাজাহান আহমেদে।
![বিটিএডিৰ এজন বন কৰ্মীৰ বিননি শুনিব কোনে ? বিটিএডিৰ এজন বন কৰ্মীৰ বিননী শুনিব কোনে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9680634-349-9680634-1606466499739.jpg)
দৰাচলতে বিটিএডিৰ মাক্ৰিঝোৰাৰ মণিপুৰ প্ৰথম খণ্ড গাঁওৰ আব্দুল্লা শেখৰ পুত্ৰ ফজল হক নামৰ লোকেজনে ১৯৯৩ চনৰ পৰা মাষ্টাৰ ৰোলত এজন কেজুৱেল লেবাৰ হিচাপে কাম কৰি আহিছিল খৰাঘট ৰেঞ্জৰ অন্তৰ্গত মাক্ৰিঝোৰা বিট কাৰ্য্যালয়ত । তাৰ পিছতে ১৯৯৬ চনত মাক্ৰিঝোৰাৰ ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ টিক চেগুন বাগান এখন চোৱাচিতাৰ বাবে ফজলক দায়িত্ব দিছিল তদানীন্তন বিট অফিচাৰ সাজাহান আহমেদে । এনে সময়তে ২০০৬ চনত চৰকাৰী বিজ্ঞাপন অনুসৰি চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হয় কোকৰাঝাৰৰ চৰাইখলাত। তাৰ পিছতেই চৰকাৰৰ নিৰ্দেশ মৰ্মে ২০০৮ চনৰ পৰা কেজুৱেল লেবাৰ পদত ফজলক ৰেগুলাৰ হিচাপে দেখুৱা হৈছিল বিভাগীয় ভাবে ।
ইপিনে ২০১০ চনত ফজলে কেজুৱেল লেবাৰ পদত নিযুক্তি পত্ৰ লাভ কৰাৰ পিছত বন বিভাগৰ পৰ্বতঝৰা ডিভিজন কাৰ্য্যালয়ত যোগদান কৰিবলৈ যায় যদিওঁ বিভাগীয় তালিকাত ফজলৰ দেউতাকৰ নাম আবুল হুছেইন বুলি উল্লেখ থকা প্ৰত্যক্ষ কৰে। আনহাতে ফজলৰ ঠাইত বিলাসীপাৰাৰ খেৰডুবি হাতিপতা অঞ্চলৰ আন এক ভুৱা ফজলৰ নাম তালিকাভুক্ত কৰি চক্ৰান্তমূলক ভাবে বঞ্চিত কৰা হৈছিল ফজল শেখক । সেইসময়ত চাকৰিত যোগদান কৰাত বাধা দিছিল তদানীন্তন বন সংমণ্ডল বিষয়া এ চি দাসে ।