পূৱ বিলাসীপাৰা, 5 মে' :চিকিৎসাৰ অভাৱত দেওবাৰে ধুবুৰী জিলাৰ চাপৰত মৃত্যু হৈছিল এটি তিনিমহীয়া শিশুৰ ৷ বঙাইগাঁৱৰ বহুকেইখন চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে শিশুটিক কোলাত লৈ চিকিৎসা বিচাৰি পিতৃ-মাতৃয়ে হাবাথুৰি খোৱাৰ পাচত অসামৰিক চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰিছিল শিশুটিক ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল শিশুটিৰ পিতৃ স্বপন নমোঃদাসে ৷
কিন্তু এই ঘটনা সন্দৰ্ভত বিপৰীত মন্তব্য প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসকৰপৰা বিষয়টোৰ সম্পৰ্কে তথ্য লৈছিল মন্ত্ৰী শৰ্মাই ৷ সংবাদমেলত চিকিৎসকৰ ভাষ্যৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে, শিশুটিৰ অভিভাৱকে "ৰেফাৰ চাৰ্টিফিকেট" বিচাৰিহে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ গৈছিল ৷