ধুবুৰী, 26 জানুৱাৰী: সীমান্তবাসী নাগৰিকৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ল দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ ইয়াৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে ভাৰত সীমান্তৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী বৰুৱাই । গণৰাজ্য দিৱস উপলক্ষে মন্ত্ৰীৰ সন্মুখত বি এছ এফে পৰিৱেশন কৰে দেশপ্ৰেমমূলক গীত, নৃত্য, বিহুগীত । এই অনুষ্ঠানতে বি এছ এফ জোৱানৰ মাজত মিঠাই বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Republic day celebration on Indo Bangla border) ।
উল্লেখ্য যে, ধুবুৰী নগৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত আৰু সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ সমীপতে থকা সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘পোন প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ মহান উপলক্ষ্যত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে ত্ৰিৰংগ পতাকা উত্তোলন কৰি মই গৌৰৱবোধ কৰিছোঁ ৷ আজি মই গৌৰৱান্বিত এই কাৰণেও যে মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা এই ঠাইডোখৰ এক পৱিত্ৰ ভূমি ৷ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত, বীৰ চিলাৰায়ৰ সৈতে সম্পৰ্কিত এক বৈচিত্ৰপূর্ণ ভূমি’’ (Indo Bangladesh Border news)।
মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অসম চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপসমূহৰ কথা সবিস্তাৰে উল্লেখ কৰে ৷ অনুষ্ঠানত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু এন চি চি কেডেটৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শনৰ পাচতে পৰিবহন, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি বিভাগ আৰু ধুবুৰী পৌৰসভাই প্ৰতীকপট প্ৰদৰ্শন কৰে ৷ স্থানীয় সংস্কৃতি আৰু দেশাত্মবোধৰ প্ৰতিফলনেৰে কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে (Republic Day celebration kin Dhubri) ৷