অসম

assam

ETV Bharat / state

খাদ্য সংকটৰ সন্মুখীন ঐতিহাসিক মহামায়া মন্দিৰৰ কৰ্তৃপক্ষ - ধুবুৰীৰ মহামায়া মন্দিৰ

লক ডাউনৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীৰ ঐতিহাসিক মহামায়া মন্দিৰত ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত মন্দিৰ কৰ্তৃপক্ষৰ লগতে কপিকূল বিশেষকৈ মন্দিৰ চৌহদত থকা বান্দৰবোৰৰ মাজত দেখা দিছে গভীৰ খাদ্য সংকটে ৷

food Crisis at mahamaya temple dhubri assam etv bharat news
ঐতিহাসিক মহামায়া মন্দিৰ

By

Published : Aug 5, 2020, 12:06 PM IST

পূৱ বিলাসীপাৰা, 5 আগষ্ট: অসমৰ এক ঐতিহাসিক শক্তিপীঠ হৈছে ধুবুৰীৰ মহামায়া মন্দিৰ ৷ বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী বগৰীবাৰীত অৱস্থিত শক্তিপীঠখনিৰ আছে বহু ইতিহাস ৷ লোক বিশ্বাস অনুসৰি দক্ষযজ্ঞত প্ৰাণ আহুতি দিয়া সতীৰ দেহ মহাদেৱে কান্ধত কঢ়িয়াই ভ্ৰমিছিল সমগ্ৰ পৃথিৱী ৷ ভগৱান বিষ্ণুই সুদৰ্শন চক্ৰৰ দ্বাৰা সতীদেহ খণ্ড-বিখণ্ড কৰাৰ পিছত যি ঠাইত সতীদেহৰ অংশ পৰিছিল তাত গঢ়ি উঠিছিল একোখন তীৰ্থস্থান ৷ কিন্তু বৰ্তমান মহামায়া শক্তিপীঠৰ পুৰোহিত তথা বামুণসকলে সন্মুখীন হৈছে তীব্ৰ খাদ্য সংকটৰ ৷ সমান্তৰালকৈ খাদ্য সংকটত ভূগিছে মন্দিৰ চৌহদত থকা কপিকূলে ৷ বিগত প্ৰায় চাৰি মাহে লক ডাউনৰ বাবে শক্তিপীঠখনলৈ আগমন ঘটা নাই কোনো যাত্ৰী অথবা পৰ্যটকৰ ৷ ফলত ৰাইজৰ দান-বৰঙণিৰে চলি অহা মন্দিৰ পৰিচালনা সমিতিয়ে অৰ্থৰ অভাৱত দেৱীৰ চৰণত ভোগ আগবঢ়োৱাৰ বাবেও সন্মুখীন হৈছে অসুবিধাৰ ৷

লক ডাউনৰ বাবে হাহাকাৰ মহামায়া মন্দিৰত

আনহাতে,ঐতিহাসিক মন্দিৰটোত বৰ্তমানে নাই বিদ্যুত যোগানৰ উপৰিও খোৱাপানীৰ ব্যৱস্থা ৷ এইক্ষেত্ৰত মন্দিৰ কৰ্তৃপক্ষই চৰকাৰৰ তৰফৰ পৰা লাভ কৰা নাই কোনো সাহায্য ৷ মুঠতে লক ডাউনৰ বাবে মন্দিৰটোত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি ৷

লগতে চাওকঃকৰ’ণা ৰোগীৰ খাদ্যত ওলাল কুমজেলেকুৱা

ABOUT THE AUTHOR

...view details