ধুবুৰী,18 মেঃ ধুবুৰীত প্ৰশাসনৰ চৰম হেমাহি । কোৱাৰেণ্টাইন চেন্টাৰত দেখা দিছে খাদ্য সংকট । ধুবুৰীৰ ধৰ্মশালাৰ কোৱাৰেন্টাইন চেন্টাৰত সৃষ্টি হৈছে আতংকময় পৰিস্থিতি । হিমাচল প্ৰদেশ আৰু বিহাৰৰ পৰা অহা শতাধিক শ্ৰমিকৰ এটি দলক প্ৰশাসনে ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ৰাখে । কিন্তু চেন্টাৰটোত তেঁওলোকক খাদ্য যোগান নধৰাৰ অভিযোগ উত্থাপন কৰে লোকসকলে ।
ধুবুৰীত কোৱাৰেন্টাইন চেন্টাৰত খাদ্য সংকট - ধুবুৰী
হিমাচল প্ৰদেশ আৰু বিহাৰৰ পৰা অহা শতাধিক শ্ৰমিকৰ এটি দলক প্ৰশাসনে ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ৰাখে । কিন্তু চেন্টাৰটোত তেঁওলোকক খাদ্য যোগান নধৰাৰ অভিযোগ উত্থাপন কৰে লোকসকলে ।
![ধুবুৰীত কোৱাৰেন্টাইন চেন্টাৰত খাদ্য সংকট food crisis at Dhubri Quarantine center](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7246421-thumbnail-3x2-d.jpg)
ধুবুৰীত কোৱাৰেন্টাইন চেন্টাৰত খাদ্য সংকট
ধুবুৰীত কোৱাৰেন্টাইন চেন্টাৰত খাদ্য সংকট
আনহাতে, উপায়বিহীন হৈ লোকসকলে অৱশেষত নিজৰ ধনেৰে চাউল দালি কিনি আনি খাদ্য প্ৰস্তুত কৰে । প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰা খাদ্যসমূহ অপুষ্টিকৰ বুলি অভিযোগ উত্থাপন কৰে লোকসকলে । উল্লেখ্য যে, দেওবাৰৰ পৰা চেন্টাৰটোত থকা এজনো লোকক কোভিড 19 পৰীক্ষা কৰোৱা হোৱা নাই বুলি জানিব দিয়ে লোকসকলে ।
লগতে পঢ়ক-গোৱালপাৰাত চাফাই কৰ্মীক সম্বৰ্ধনা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ