ধুবুৰী, 7 মে': লক্ ডাউনৰ বাবে মন্দিৰৰ আনুষ্ঠানিক পূজা পাতল বন্ধ হৈ থকাৰ ফলত মন্দিৰৰ পূজাৰী সকলৰ মাজত খাদ্য আৰু অৰ্থ সংকট দেখা দিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে কালীবাৰী ট্ৰাষ্ট বোৰ্ডৰ তৰফৰ পৰা, ধুবুৰীৰ মুঠ ৪৫ টা মন্দিৰৰ পূজাৰীক আমন্ত্ৰণ কৰি সকলোকে কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে ।
কৰ'ণাৰ পৰা পৰিত্ৰাণ বিচাৰি ধুবুৰীত পূজা - food and money crisis among the priest of dhubri
লক্ ডাউনৰ বাবে খাদ্য আৰু অৰ্থ সংকটে দেখা দিছে মন্দিৰৰ পূজাৰী সকলৰ মাজত । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে কালীবাৰী ট্ৰাষ্ট বোৰ্ডৰ তৰফৰ পৰা ধুবুৰীৰ মুঠ ৪৫ টা মন্দিৰৰ পূজাৰীৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে ।
food and money crisis among the priest of dhubri
উল্লেখ্য যে, দেশত ভয়াৱহভাৱে ক্ৰমবৰ্ধমান কৰ'ণা মহামাৰী সংক্ৰমণৰ বাবে আতংকিত হৈ পৰিছে অ'ৰেঞ্জ জ'নত থকা ধুবুৰীবাসী । যাৰ বাবে আজি বুদ্ধ পুৰ্ণিমাৰ দিনটোত মহামাৰী কৰ'ণাৰ পৰা দেশ তথা বিশ্ববাসীয়ে যাতে পৰিত্ৰাণ পায়, সেইবাবে পূজা কৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনাও কৰে পূজাৰী সকলে ।