ধুবুৰী, 22 মে’: ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়ত থকা বিগত চাৰিদিনে কোৱাৰেণ্টাইন হিচাপে থকা শতাধিক লোক ক্ষুব্ধ হৈ ওলাই আহে বাহিৰলৈ ৷ অভিযোগ অনুসৰি, কোৱাৰেণ্টাইন কৰি ৰখা লোকসকলক নিয়মিতভাৱে খাদ্য যোগান ধৰা নাই জিলা প্ৰশাসনে ৷ খাবলৈ নাপাই অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে এইসকল ভুক্তভোগী লোকে ৷
ধুবুৰী কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি
ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । কোৱাৰেণ্টাইন চেণ্টাৰত নিয়মিত খাদ্যৰ যোগান নধৰাৰ অভিযোগ কোৱাৰেণ্টাইনত থকা লোকসকলৰ ৷ আনহাতে কোঠাৰ ভিতৰত বৰষুণৰ পানী সোমোৱাৰ ফলত সমস্যাত পৰিছে লোকসকল ৷
ধুবুৰী কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি
আনহাতে, কোঠাৰ ভিতৰত বৰষুণৰ পানী সোমোৱাৰ ফলত সমস্যাত ভুগিছে লোকসকল । ইয়াৰ প্ৰতি জিলা প্ৰশাসনৰ কোনো গুৰুত্ব নাই বুলি অভিযোগ উত্থাপন কৰিছে কোৱাৰেণ্টাইনত থকা লোকসকলে ।
লগতে পঢ়ক: কামৰূপৰ কেন্দুকোনাত অগ্নিকাণ্ড