ধুবুৰী,12জুলাইঃ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুনৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বহুতো গাওঁ ।
মানকাচৰত বানৰ তাণ্ডৱ - কালভাৰ্টৰ মুখ বন্ধ
হাটশিঙিমাৰীত বানৰ বিভীষিকা,মেঘালয়ৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে মানকাচৰৰ বিস্তীৰ্ণ অঞ্চল।
![মানকাচৰত বানৰ তাণ্ডৱ FLOOD SITUATION WORSENED AT MANCACHAR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8000114-740-8000114-1594567076743.jpg)
বিশেষকৈ জিলাখনৰ হাটশিঙিমাৰী, খাৰুৱাবান্ধা, ৰঘুপাৰা, ময়না বান্ধা, ফেকামাৰী, মানুল্লাপাৰা আদি গাওঁ প্লাবিত হৈ পৰিছে । ফলত উক্ত গাৱঁৰ বহুতো মানুহৰ বাসগৃহত পানী সোমোৱাৰ লগতে বুৰ গৈছে বহুতো মৎস পালনৰ পুখুৰী।
হাটশিঙিমাৰী-পিপুলবাৰী সংযোগী পকী পথৰ ওপৰেদি বৈ গৈছে পানী । উল্লেখ্য যে, উক্ত অঞ্চলৰ কেইবাটাও কালভাৰ্টৰ মুখ বন্ধ হৈ থকাৰ ফলত কালভাৰ্টৰে পানী বৈ যাব নোৱাৰাত বিস্তৰ ক্ষতি সাধন হৈছে উক্ত অঞ্চলবাসী ৰাইজৰ । বন্ধ হৈ থকা কালভাৰ্টৰ মুখ খুলি দিয়াৰ বাবে প্ৰশাসনক দাবী জনাই স্থানীয় ৰাইজে । জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সম্প্ৰতি বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃহাস্পতালত কেনেধৰনৰ পৰিৱেশ পাইছিল কৰ'ণা ৰোগীয়ে?