দ্বিতীয়টো বানত প্লাৱিত ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল - গদাধৰ
ৰাজ্যৰ প্ৰথমটো বানৰ পিছত এইবাৰ দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীৰ ভিন্ন অঞ্চলত । জিলাখনত দ্বিতীয়টো বানৰ ভয়াৱহতাই ভাবুকি আনিছে ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ প্ৰতি । ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাই পথেৰে বাগৰিছে পানী, ফলত বন্ধ যান-বাহনৰ চলাচল ৷

দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীত
ধুবুৰী, 24 জুলাই:বছৰটোৰৰ দ্বিতীয়টো বানে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চলত । গংগাধৰ আৰু গদাধৰ নৈৰ বাঢ়নী পানীয়ে ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পৰ্বতঝৰা মহকুমা এলেকাৰ বহু কেইখন পাহাৰীয়া অঞ্চল হঠাৎ নিশাৰ ভিতৰতেই জলমগ্ন হৈ পৰাৰ সমান্তৰালকৈ সোণকোষ নৈৰ বাঢ়নি পানীয়ে চৰম ভাবুকি মাতি আনিছে বিলাসিপাৰাৰ বিস্তীৰ্ণ এলেকাৰ বহু কেইখন গাঁওলৈ ।
দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীত