ধুবুৰী, 8 জুলাই :বছৰটোৰ প্ৰথমটো বানে বিধ্বস্ত কৰি গ'ল ধুবুৰী জিলাৰ বিস্তীৰ্ণ অঞ্চল। কৰণাতঙ্ক আৰু দীঘলীয়া লক ডাউনৰ ফলত জিলাখনৰ কৃষকসকল ব্যপক ক্ষতিগ্ৰস্ত হোৱাৰ পিছতেই আৰম্ভ হ'ল প্ৰলয়ংকাৰী বান ৷ হাহাকাৰ পৰিস্থিতি সৰ্বশ্ৰান্ত কৃষকৰ মাজত ৷ উচন হ'ল বহুতৰে ঘৰবাৰী । পথাৰতেই পচিছে ৰবি শস্য ৷ প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গৈছে বহু পৰিয়ালৰ ঘৰবাৰী। ঘৰবাৰী এৰি অন্য ঠাইত আশ্ৰয় লৈছে বানাক্ৰান্তই ৷ চাৰিওফালে হাহাকাৰ পৰিস্থিতি ৷
ধুবুৰীৰ ভাষানিৰ চৰৰ প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত ধান খেতি কৰিছিল ছোহৰাব আলী নামৰ খেতিয়কজনে ৷ আঠ বিঘা ইৰিধানৰ খেতি কৰাৰ লগতে প্ৰায় দহ বিঘা মৰাপাটৰ খেতি কৰিছিল খেতিয়কজনে। কিন্তু সকলো শেষ হৈ গ'ল নিমিষতে। হঠাৎ বাঢ়ি অহা পানীয়ে বুৰাই পেলালে আঠ বিঘা ধান খেতি। বুৰ গ'ল দহ বিঘা মাটিত কৰা মৰাপাট খেতি।
একেখন গাঁৱৰে হানিফ আলী নামৰ কৃষকগৰাকীৰো প্ৰায় ষাঠি বিঘা মৰাপাট আৰু ধানখেতিৰ লগতে আছিল তিল খেতি ৷ কিন্তু সকলো এতিয়া পানীৰ তলত ৷ ইপিনে বানৰ কৱলত পৰা চৰাঞ্চলৰ বানাক্ৰান্ত পৰিয়াল আৰু কৃষকসকলক এতিয়ালৈ চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে।