পশ্চিম বিলাসীপাৰা, 2 ছেপ্টেম্বৰ :বান বিধ্বস্ত বিলাসীপাৰাৰ বান ক্ষতিগ্ৰস্ত লোকৰ কাষত থিয় দিলে এটা সৰ্বভাৰতীয় সেচ্ছাসেৱী সংস্থা ৷ সেৱা ভাৰত নামৰ সেচ্ছাসেৱী সংস্থাটোৱে মঙলবাৰে বিলাসীপাৰাৰ নয়াহাটত বিতৰণ কৰে বান সাহাৰ্য ৷
স্থানীয় সচেতন যুৱ মঞ্চৰ সহযোগত বান সাহাৰ্য বিতৰণী কাৰ্যসূচীত উপস্থিত থাকে সেৱা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকল্প সমন্বয়ক লৱনু শইকীয়া, প্ৰকল্প প্ৰৱন্ধক ছমেজ উদ্দিন আহমেদ আৰু সচেতন যুৱ মঞ্চৰ সভাপতি এ আই এম গোলাম ৰাব্বানী |