ধুবুৰী,4 আগষ্ট:ধুবুৰীত বানৰ পিছতে তীব্ৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ৷ জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিত খহনীয়াই তাণ্ডৱ চলোৱাৰ ফলত ৰাজ্যৰ ভৌগোলিক মানচিত্ৰৰ পৰা এই অঞ্চলটো ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ দিশে অতিক্ৰম কৰিছে ৷ বিগত সময়ছোৱাত বহুকেইটা পৰিয়াল খহনীয়াৰ কবলত পৰি উছন হোৱাৰ লগতে হেৰুৱাইছে ঘৰ-বাৰী ৷ ১৯৫০ চনৰ বৰ ভূঁইকপৰ পিছৰ পৰা দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলত কালৰূপী খহনীয়াই চলাই আহিছে তাণ্ডৱ ৷ ধুবুৰীৰ ফকিৰগঞ্জ, মাটিফাটা, চতলাৰ পাৰ, হাজিৰহাট,পাটকাটা আদি অঞ্চলত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত স্বাভাৱিকতে আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ খহনীয়াৰ এনে এক ভয়ংকৰ দৃশ্য আৱদ্ধ হৈছে স্থানীয় লোকৰ কেমেৰাত ৷ মঙলবাৰে খহনীয়াত জাহ যায় অঞ্চলটোৰ ইছলামধৰ্মী লোকসকলৰ ধৰ্মীয় অনুষ্ঠান বেৰাভাঙা ঈদগাহ ৷
লুইতৰ বুকুত সমূহীয়া আত্মজাহৰ হুংকাৰ দক্ষিণ শালমাৰাবাসীৰ - Flood erosion problems in south salmara dhubri assam etv bharat news
ধুবুৰীৰ দক্ষিণ শালমাৰা সমষ্টিত খহনীয়াই তাণ্ডৱ চলোৱাৰ ফলত ৰাজ্যৰ ভৌগোলিক মানচিত্ৰৰ পৰা এই অঞ্চলটো ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ দিশে অতিক্ৰম কৰিছে ৷ বিগত সময়ছোৱাত বহুকেইটা পৰিয়াল খহনীয়াৰ কবলত পৰি উছন হোৱাৰ লগতে হেৰুৱাইছে ঘৰ-বাৰী ৷ ১৯৫০ চনৰ বৰ ভূঁইকপৰ পিছৰ পৰা দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলত কালৰূপী খহনীয়াই চলাই আহিছে তাণ্ডৱ ৷
উল্লেখ্য যে, এনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰতিবছৰে বাঁহ আৰু আৰচিচি পাৰ্কুপাইনৰ আঁচনিৰ নামত মোকোলাই দিয়ে কোটি কোটি টকা ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধৰ নামত কিছু কাম কৰিয়ে সামৰে দায়িত্ব ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, এই আঁচনিৰ নামত আবণ্টিত অধিকাংশ ধন সোমাইছে একাংশ বিষয়া আৰু ঠিকাদাৰৰ পকেটত ৷ খহনীয়াত সৰ্বস্বান্ত পৰিয়ালসমূহৰ সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন সংগঠনে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সময়ত চৰকাৰক দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু চৰকাৰ আৰু সাংসদ বদৰুদ্দিন আজমলৰ উপৰিও বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে এই বিষয়ত প্ৰদান কৰা নাই কোনো গুৰুত্ব ৷ যাৰ ফলত স্থলভাগৰ পৰা নোহোৱা হোৱাৰ পথত বৰ্তমান ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টি ৷ ৰাজ্য চৰকাৰে শীঘ্ৰে এই বিষয়ত স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সমূহীয়া আত্মজাহৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী আৰু খহনীয়াত সৰ্বস্বান্ত হোৱা ৰাইজে ৷
লগতে চাওকঃগণতন্ত্ৰৰ কথা কোৱাৰ অধিকাৰ নাই কংগ্ৰেছৰ: ৰণোজ পেগু