পূৱ বিলাসীপাৰা, 26 জুলাই : ৰাজ্যত ক’ভিড-19ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নামনি অসমৰ ধুবুৰী জিলাবাসীক । ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াৰ কৱলত পৰিছে জিলাখনৰ চাপৰ ৰাজহ চক্ৰৰ ধীৰেৰচৰ আদি অঞ্চল । শেহতীয়াকৈ দুবাৰকৈ হোৱা সংহাৰী বানত সৰ্বস্ব হেৰুৱাইছে নৈপৰীয়া ৰাইজে ।
আনহাতে, বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ গ্ৰাসত বিলীন হ’ল এখন বিদ্যালয় । 2445/B ধীৰেৰচৰ এল পি স্কুলখন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । অঞ্চলটোৰ প্ৰাথমিক শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখন অতি শীঘ্ৰে পুনঃনিৰ্মাণ কৰি এই শিশুসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে ।