ধুবুৰী,3 জুলাইঃনৈৰ বাঢ়নী পানীয়ে নহয়, কৃত্ৰিম বানে বুৰাইছে পূৱ বিলাসীপাৰাৰ চাপৰৰ বিস্তৰ অঞ্চল ৷ এজাক বৰষুণতে মানুহৰ ঘৰৰ ভেটি পালগৈ কৃত্ৰিম বানে ৷ কৃত্ৰিম বানত জলমগ্ন চাপৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ড ৷ যাৰ বাবে এতিয়া বিশেষ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল ৷ কিয়নো তেওঁলোকৰ বাট-পথ, ঘৰৰ চোতালকে ধৰি বিস্তৰ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত ৷
কৃত্ৰিম বানত বুৰিছে পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চল - কৃত্ৰিম বান
শুকুৰবাৰে অহা এজাক বৰষুণতে কৃত্ৰিম বানে বুৰাইছে পূৱ বিলাসীপাৰাৰ চাপৰৰ বিস্তৰ অঞ্চল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,নগৰ খনত নাই কোনো পানী ওলাই যাব পৰা নলাৰ ব্যৱস্থা ৷
flash flood in chapar, bilashipara
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,নগৰ খনত নাই কোনো পানী ওলাই যাব পৰা নলাৰ ব্যৱস্থা ৷ নগৰ উন্নয়নৰ ক্ষেত্ৰত সু-পৰিকল্পনা নথকাৰ বাবেই এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি উল্লেখ কৰে স্থানীয় লোকে ৷ সম্প্ৰতি এই সমস্যা সমাধানৰ বাবে সু-পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়কঃৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34 জনলৈ বৃদ্ধি