অসম

assam

ETV Bharat / state

কোভিড-19 : ধুবুৰীত আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি - বৰকান্দা কোৱাৰেণ্টাইন কেম্প

ধুবুৰীত 5 জনলৈ বৃদ্ধি কোভিড-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। ধুবুৰীৰ বিলাসীপাৰাৰ কাঠালদি তৃতীয় খণ্ড গাঁৱৰ কোৱাৰেণ্টাইনত থকা ৬২ বছৰীয়া বৃদ্ধৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰে ৷ ইতিমধ্যে বৃদ্ধগৰাকীক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কোভিড-19 : ধুবুৰীত আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি
কোভিড-19 : ধুবুৰীত আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি

By

Published : Apr 23, 2020, 4:47 PM IST

ধুবুৰী, 23 এপ্ৰিল : ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ধুবুৰী জিলাত ৫ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা ঘোষণা কৰাৰ পিছতেই বিলাসীপাৰাকে ধৰি সমগ্ৰ জিলাখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

কোভিড-19 : ধুবুৰীত আক্ৰান্তৰ সংখ্যা 5 জনলৈ বৃদ্ধি

ইতিমধ্যে জিলা স্বাস্থ্য বিষয়া আৰু যুটীয়া সঞ্চালক ডাঃ এছ এম ইমদাদ উল্লাহসহ বিলাসীপাৰাৰ চিকিৎসক,স্বাস্থ্য কৰ্মীৰ দল,ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু প্ৰশাসনিক বিষয়া বিলাসীপাৰাৰ বৰকান্দা কোৱাৰেণ্টাইন কেম্পত উপস্থিত হৈ কোৱাৰেণ্টাইনত থকা ৬২ বছৰীয়া বৃদ্ধগৰাকীক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে,১৪ মাৰ্চত গুৱাহাটী আঠগাঁও কবৰস্থান মছজিদৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বৃদ্ধগৰাকী ঘৰলৈ উভতিছিল আৰু তাৰ পিছতেই বৃদ্ধগৰাকীক যোৱা ৬ এপ্ৰিল তাৰিখে কোৱাৰেণ্টাইনত থাকিবলৈ দি তেওঁৰ তেজৰ নমুনা বৰপেটা মেডিকেল কলেজৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ ইয়াৰ ফলাফল হিচাপে বৃদ্ধগৰাকীৰ দেহত কৰ’ণা পজিটিভ চিনাক্ত কৰা হয় ।
ইপিনে,জিলা প্ৰশাসনে বিলাসীপাৰাৰ কাঠালদি গাঁৱলৈ ৰাওনা হৈ সম্পূৰ্ণ গাঁওখন ছীল কৰাৰ বিপৰীতে বৃদ্ধগৰাকীৰ পৰিয়ালকো কোৱাৰেণ্টাইন কৰিব জিলা প্ৰশাসনে।

লগতে পঢ়ক : গোলাঘাটৰ পুলিবৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

...view details