অসম

assam

ETV Bharat / state

বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডঃ 21 লাখ টকাৰ সা-সম্পত্তি ভস্ম - Dubri Bilashipara

চাপৰৰ ৰঙামাটি বজাৰত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় প্ৰায় 21 লাখ টকাৰ সা-সম্পত্তি ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

ETV BHARAT
বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 21 লাখ টকাৰ সা-সম্পত্তি

By

Published : Apr 15, 2020, 10:53 AM IST

বিলাসীপাৰা,১৫ এপ্ৰিলঃধুবুৰী জিলাৰ বিলাসীপাৰা ৰঙামাটি বজাৰত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 21 লাখ টকাৰ সা-সম্পত্তি

লকডাউন চলি থকাৰ সময়তেই পুৱতি নিশা পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰঙামাটি বজাৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নি কাণ্ডৰ ফলত জুইত জাহ যায় ২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । উক্ত ঘটনাটোত প্ৰায় ২১ লাখ টকাৰ সা-সম্পত্তি ধ্বংস হয় বুলি ঠাৱৰ কৰা হৈছে । অগ্নিকাণ্ডৰ খবৰ স্থানীয় ৰাইজে ততালিকে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰাৰ পিচতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এই ঘটনাটোত এখন কাপোৰৰ আৰু এখন ষ্টেশ্যনাৰী দোকান ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক- নিতাল নিস্তব্ধ আজি ৰংঘৰৰ বাকৰি

ABOUT THE AUTHOR

...view details