ধুবুৰী, 19 এপ্ৰিল : ধুবুৰীৰ ফকিৰগঞ্জত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ৰান্ধনিঘৰত হোৱা চিলিণ্ডাৰ গেছ বিস্ফোৰণত সম্পূৰ্ণৰূপে জাহ যায় দুটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ তথ্য অনুসৰি, ফকিৰগঞ্জ অঞ্চলৰ সোনাপাৰা গাঁৱৰ হাজি বাহেজ উদ্দিনৰ ৰান্ধনি ঘৰত পুৱাৰ আহাৰ প্ৰস্তুত কৰি থকাৰ সময়তে হঠাৎ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত সূত্ৰপাত হয় জুইৰ । লগে জুইৰ লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো ৷ উক্ত অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে জাহ যায় হাজি বাহেজ উদ্দিনৰ তিনিটাকৈ ঘৰৰ লগতে প্ৰতিবেশী আব্দুৰ ৰহমানৰ পাঁচটাকৈ বাসগৃহৰ ৷ লগতে এই অগ্নিকাণ্ডটোত বাহেজ উদ্দিনৰ ঘৰত থকা প্ৰায় পঞ্চাশ কুইন্টল সৰিয়হসহ সৰ্বমুঠ প্ৰায় দহ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ।
ধুবুৰীৰ ফকিৰগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড
এটা পৰিয়ালৰ ৰান্ধনিশালত হোৱা চিলিণ্ডাৰ বিস্ফোৰণত সম্পূৰ্ণৰূপে জাহ যায় দুটা পৰিয়ালৰ পাঁচটাকৈ বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ নষ্ট প্ৰায় পঞ্চাশ কুইন্টল সৰিয়হ ৷
চিলিণ্ডাৰ গেছ বিস্ফোৰণ
ইপিনে এই বিধ্বংসী জুইৰ পৰা ৰক্ষা পাবলৈ প্ৰতিবেশী সামচুল হ'কৰ চাৰিটাকৈ ঘৰ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ফলত পৰিয়ালটোৰ প্ৰায় দুই তিনি লাখ টকাৰ সা সম্পত্তি নষ্ট হয় বুলি আশংকা কৰা হৈছে । আনহাতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয় ।