ধুবুৰী, 1 ডিচেম্বৰঃ দক্ষিণ শালমাৰা-মানকাচাৰৰ সুখচৰত শনিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । সুখচৰৰ ৰহিম আলী নামৰ লোকজনৰ ঘৰত নিশা বিদ্যুৎ বিজুতি ঘটাৰ ফলত প্ৰথমতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । পাচত মুহূৰ্তৰ ভিতৰতে ঘৰৰ ভিতৰত থকা দুটাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয় ।
এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে এন আৰ চি আৰু মাটি সম্পত্তিৰ নথিপত্ৰ সহ প্ৰায় বিশ লাখ টকাৰ সা-সম্পত্তি জাহ যায় বুলি উল্লেখ কৰে পৰিয়ালটোৱে ।