অসম

assam

ETV Bharat / state

ৰাজীৱ গান্ধী শিশু উদ্যানৰ পুনৰ মুকলিৰ সৈতে সংগতি ৰাখি ফেচন শ্ব'ৰ আয়োজন - ৰাজীৱ গান্ধী শিশু উদ্যান

ধুবুৰীত দীৰ্ঘ দিনৰ অন্তত আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি হ'ল ৰাজীৱ গান্ধী শিশু উদ্যান । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় শিশুসকলৰ এক ফেচন শ্ব' ৷

ৰাজীৱ গান্ধী শিশু উদ্যান
ফেচন শ্ব'ৰ আয়োজন

By

Published : Jan 2, 2021, 2:43 PM IST

ধুবুৰী, 2 জানুৱাৰী :ধুবুৰীত দীৰ্ঘ দিনৰ অন্তত আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি হ'ল ৰাজীৱ গান্ধী শিশু উদ্যান । ক'ভিড-19 ৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা এই উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সাংবাদিক তথা ৰাজীৱ গান্ধী শিশু উদ্যানৰ সভাপতি ৰাজীৱ শৰ্মাই । উদ্যানখন মুকলি কৰি উদ্যান কৰ্তৃপক্ষই এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ।

ফেচন শ্ব'ৰ আয়োজন

উদ্যানৰ মুকলিৰ লগত সংগতি ৰাখি কণ কণ শিশুসকলে ৰেম্পত খোজ কাঢ়ি প্ৰদৰ্শন কৰিলে ফেচন শ্ব'৷ এই সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে পুৰণি বছৰৰ সকলো তিক্ত অভিজ্ঞতা পাহৰি নতুনক আদৰি আনন্দত আত্মহাৰা হ'ল ধুবুৰীবাসী ৰাইজ ।

ৰাজীৱ গান্ধী শিশু উদ্যানৰ পুনৰ মুকলি

অনুষ্ঠানত উপস্থিত থাকে ধুবুৰীৰ আৰক্ষী অধীক্ষককে ধৰি বহু বিশিষ্ট ব্যক্তি । উল্লেখ্য যে, আজিৰে পৰা ৰাজীৱ গান্ধী উদ্যানখন সকলো সাংস্কৃতিক, সামাজিক আৰু ঘৰুৱা অনুষ্ঠানৰ বাবেও মুকলি কৰা হয় । আনুষ্ঠানিকভাৱে এই কথা অৱগত কৰে উদ্যানৰ সভাপতি ৰাজীৱ শৰ্মাই ।

ফেচন শ্ব'ৰ আয়োজন

উল্লেখযোগ্য যে, সুদীৰ্ঘ প্ৰায় এটা বছৰৰ অন্তত শিশুসকলৰ বাবে পুনৰ উদ্যানখনৰ শুভ উদ্বোধন কৰাৰ ফলত শিশুসকলৰ লগতে অভিভাৱকসকলৰ মাজত আনন্দৰ বন্যা বৈছে ।

লগতে পঢ়ক :সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

ABOUT THE AUTHOR

...view details