অসম

assam

ETV Bharat / state

Fake Indian Currency note seized: জালনোট সহ মানকাচৰত আটক দুজন - Fake Indian Currency note seized

পুনৰ পোহৰলৈ আহিছে ৰাজ্যত অব্যাহত থকা জালনোট চক্ৰৰ সক্ৰিয়তা ৷ ধুবুৰীৰ কালাপানীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জালনোটসহ দুই সৰবৰাহকাৰীক (Fake Indian Currency note seized)৷

মানকাচৰৰ কালাপানীত জালনোটসহ গ্ৰেপ্তাৰ দুই
মানকাচৰৰ কালাপানীত জালনোটসহ গ্ৰেপ্তাৰ দুই

By

Published : Jan 6, 2022, 4:15 PM IST

ধুবুৰী, 6 জানুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰৰ কালাপানীত জালনোটসহ আটক কৰা হয় দুই সৰবৰাহকাৰীক ৷ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত জাঙ্গাল ব্লকত আৰক্ষীয়ে যান-বাহনত তালাচী চলাই গ্ৰেপ্তাৰ কৰে জালনোটসহ সৰবৰাহকাৰী দুটাক (Fake currency smuggler arrested at Mankachar) ৷

বুধবাৰে সন্ধিয়া ভাৰতীয় মুদ্ৰাৰ জালনোটসহ গ্ৰেপ্তাৰ কৰা হয় জালনোট চক্ৰৰ সৰবৰাহকাৰী দুটাক । সৰবৰাহকাৰী দুটা ক্ৰমে সুখচৰ থানাৰ অন্তৰ্গত তথা ব্ৰহ্মপুত্ৰৰ মাজৰ উন্মুক্ত ভাৰত-বাংলাদেশ সীমান্তৰ বৰেৰ আলগা গাঁৱৰ প্ৰয়াত সমশেৰ আলীৰ পুত্ৰ ছাদ্দাম হুচেইন (25)আৰু মানকাচৰ থানাৰ অন্তৰ্গত জাঙ্গাল ব্লকৰ ৰমজান আলীৰ পুত্ৰ মফিদুল মণ্ডল (24) ।

আৰক্ষীয়ে দুয়োকে তালাচী চলাই ১৪ হাজাৰ টকাৰ ভাৰতীয় মুদ্ৰাৰ জালনোট জব্দ কৰে (Fake Currency note seized)। জালনোট সৰবৰাহকাৰী দুটাই জালনোট চক্ৰৰ পৰা জালনোটখিনি অনা বুলি জানিব পৰা গৈছে । দুয়োকে কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

শুকুৰবাৰে দুয়ো জালনোট চক্ৰৰ সদস্যক হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক:Encounter at Nagaon : নগাঁও আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া জাহাংগীৰ

ABOUT THE AUTHOR

...view details