অসম

assam

By

Published : Sep 24, 2019, 8:50 AM IST

ETV Bharat / state

ৰোগীৰ জীৱনক লৈ চিকিৎসক-ফাৰ্মাচিষ্টৰ হেতালি!

ফৰিদা ইয়াছমিন নামৰ এটি শিশু কিছুদিনৰ পূৰ্বে অসহ্য ভৰিৰ বিষত আক্ৰান্ত হৈছিল ৷ ইয়াৰ পিচতে চিকিৎসাৰ বাবে বিলাসীপাৰা মহকুমাস্থিত অসামৰিক চিকিৎসালয়লৈ নিয়া শিশুটিক চিকিৎসালয়ৰ পৰা ম্যাদ উকলি যোৱা ঔষধ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

ৰোগীৰ জীৱনক লৈ চিকিৎসক-ফাৰ্মাচিষ্টৰ হেতালি!

বিলাসীপাৰা, 24 ছেপ্টেম্বৰঃ বিলাসীপাৰা মহকুমাস্থিত অসামৰিক চিকিৎসালয়ত ৰোগীক ম্যাদ উকলি যোৱা ঔষধ দিয়াৰ অভিযোগ উত্থাপিত হৈছে একাংশ চিকিৎসাকৰ্মীৰ বিৰুদ্ধে ৷ ইয়াকে লৈ সোমবাৰে চিকিৎসালয় খনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ৰোগীৰ জীৱনক লৈ চিকিৎসক-ফাৰ্মাচিষ্টৰ হেতালি!

তথ্যনুসৰি বিলাসীপাৰাৰ গুটিপাৰা গাঁৱৰ বাসিন্দা চান্দ মামুদৰ 8 বছৰীয়া কন্যা ফৰিদা ইয়াছমিন কিছুদিনৰ পূৰ্বে অসহ্য ভৰিৰ বিষত আক্ৰান্ত হৈছিল ৷ শিশুটিক অসামৰিক চিকিৎসালয়খনলৈ নিয়াৰ পাচত চিকিৎসকে শিশুটিৰ ভৰিত অস্ত্ৰোপচাৰ কৰে আৰু ঔষধ লিখি দিয়ে ৷ সেই মতে শিশুটিৰ অভিভাৱকে বিনামূলীয়া চৰকাৰী ঔষধ লৈ ঘৰলৈ যায় ৷ কিন্তু শিশুটিৰ অভিভাৱকে জানিবলৈ দিয়া মতে সোমবাৰে চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক বেজী এটা দিবলৈ লওতে বেজীটোৰ ইতিমধ্যে ম্যাদ উকলি গৈছে বুলি পোহৰলৈ আহে ৷ আৰু ইয়াৰ পাচতে শিশুটিৰ অভিভাৱকে ৰোগী আৰু ম্যাদ উকলি যোৱা ঔষধ সহ অসামৰিক চিকিৎসালয়খনত উপস্থিত হয় ৷ ইপিনে চিকিৎসকে অভিভাৱকৰ পৰা ম্যাদ উকলি যোৱা বেজী সমূহ লৈ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলায় বুলি শিশুটিৰ অভিভাৱকে অভিযোগ কৰে ৷ ৰোগীৰ জীৱনক লৈ চিকিৎসালয় খনৰ চিকিৎসক আৰু ফাৰ্মাচিষ্টে এনেদৰে হেতালি খেলাৰ বিষয়ে চৰকাৰ বা বিভাগীয় মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব? ৰাইজৰ প্ৰশ্ন ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details