অসম

assam

By

Published : Nov 23, 2020, 9:13 AM IST

ETV Bharat / state

বিলাসীপাৰাত ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি গঠন

বিলাসীপাৰাত দেওবাৰে ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি গঠন ৷ এইবাৰ নিৰ্বাচনত ৰাইজে ৰাইজৰ দলকহে আঁকোৱালি ল’ব বুলি সভাত মন্তব্য কৰে কেন্দ্ৰীয় নেতৃবৃন্দই ৷

executive committee dhubri district of raijor dal
ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি

পশ্চিম বিলাসীপাৰা,23 নৱেম্বৰ : বিলাসীপাৰাৰ ৰাজহুৱা পুঁথিভৰাল প্ৰেক্ষাগৃহত দেওবাৰে বিয়লি ভাগত গঠন হয় ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি । শতাধিক সদস্যৰে গঠন কৰা হয় ধুবুৰী জিলা আহ্বায়ক সমিতিখন । ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক আছৰাফুল ইছলাম,মুখপাত্ৰ দিৱস ফুকন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক মুকুট ডেকাই উপস্থিত থাকি আহ্বায়ক সমিতিখন গঠন কৰে ।

ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক সমিতি

সভা আৰম্ভ হোৱাৰ পূৰ্বে শ্বহীদ বীৰ জোৱান হৰধন চন্দ্ৰ ৰায়ৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন ব্ৰত পালন কৰাৰ লগতে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজৰ দলৰ সদস্যসকলে । তাৰ পাচতে অনুষ্ঠিত জনসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় নেতৃবৃন্দই ।

ইফালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালচনা কৰি কেন্দ্ৰীয় নেতৃবৃন্দই কয় যে,এইবাৰ নিৰ্বাচনত ৰাইজে ৰাইজৰ দলকহে আঁকোৱালি ল’ব । কেন্দ্ৰীয় নেতৃবৃন্দই সমাগত বিধানসভা নিৰ্বাচনত সকলো আঞ্চলিক দলকে একত্ৰিত হ’বলৈ আহ্বান জনায় ।

উক্ত সভাত বিগত 2016 চনত এ আই ইউ ডি এফ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মছলেম উদ্দিন চৌধুৰীকে ধৰি বিভিন্ন দলৰ শতাধিক নেতা-কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :পৰিত্যক্ত ভূমিক কেন্দ্ৰ কৰি মহানগৰীত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details