ধুবুৰী,19 জুনঃঅসমৰ বহু কেইজন জ্যেষ্ঠ সংখ্যালঘু কংগ্ৰেছ নেতাই মিলি গঠন কৰিছে এটা দল ৷ এই পোন্ধৰ জনীয়া দলটোৱে সাক্ষাৎ কৰিব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ৷ এই সন্দৰ্ভত দলৰ নেতৃত্ব দি অহা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰদান কৰে এক আছুতীয়া সাক্ষাৎকাৰ ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে প্ৰস্তুতি ৷ বিজেপিৰ দখলত থকা দিছপুৰ পুনৰবাৰ কংগ্ৰেছে দখল কৰাৰ চেষ্টা চলাইছে ৷ এ আই ইউ ডিএফৰ সৈতে মিত্ৰতা কৰি দিছপুৰ দখলৰ কথা কংগ্ৰেছে ভাবিছে যদিও, ইয়াৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ চিনিয়ৰ মাইনৰিটি কংগ্ৰেছ লিডাৰ্চ টিমে ৷ সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডিএফৰ বাবেই অসমত বিজেপিৰ চৰকাৰ হৈছে বুলি অভিযোগ কৰি,এই ক্ষেত্ৰত কংগ্ৰেছৰ কিছু ভুল আছে বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ৷
এ আই ইউ ডিএফৰ বাবেই অসমত বিজেপিৰ চৰকাৰ হৈছেঃ মহিবুল হক - এআইইউডিএফৰ বাবেই অসমত বিজেপিৰ চৰকাৰ হৈছেঃ মহিবুল হক
ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ আছুতীয়া সাক্ষাৎকাৰ ...
![এ আই ইউ ডিএফৰ বাবেই অসমত বিজেপিৰ চৰকাৰ হৈছেঃ মহিবুল হক EXCLUSIVE INTERVIEW WITH EX MINISTER MOHIBUL HOQUE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7683734-1012-7683734-1592565966490.jpg)
তৰুণ গগৈকে ধৰি একাংশ কংগ্ৰেছ নেতৃত্বই এ আই ইউ ডিএফৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিয়াৰ সময়তে বাধ্য হৈ জ্যেষ্ঠ সংখ্যালঘু কংগ্ৰেছ নেতা সকলে মিলি, যোৱা ফেব্ৰুৱাৰী মাহত প্ৰাক্তন মন্ত্ৰী মহিবুল হকক আহ্বায়ক হিচাপে লৈ গঠন কৰিছে ১৫ জনীয়া দলটো ৷ চিনিয়ৰ মাইনৰিটি কংগ্ৰেছ লিডাৰ্ছ টিম নামৰ গোটত মহিবুল হকৰ লগত আছে,প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ,নজিবুল উমৰ,নুৰজামান সৰকাৰ,প্ৰাক্তন সাংসদ আব্দুল হমিদৰ লগতে প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী,আলী আকবৰ মিঞা,গুল আকতাৰা,জাহান উদ্দিন,ৰচুল হক,আফতাব উদ্দিন মোল্লা,ডাঃ ইদ্ৰিছ আলী,ৰহিম খান,মকবুল হুছেইন আৰু এ বি এছ জোদ্দাৰ ৷
লগতে পঢ়কঃব্যক্তিগত কাৰ্যসূচীৰে জাঁজীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল