অসম

assam

ETV Bharat / state

ধুবুৰীত ট্ৰাকৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহক লৈ চাঞ্চল্য - চাঞ্চল্য

ধুবুৰীত ট্ৰাকৰ ভিতৰত উদ্ধাৰ হ'ল চন্দ্ৰশেখৰ যাদৱ নামৰ এজন লোকৰ মৃতদেহ ৷ মৃতদেহটো উদ্ধাৰৰ পাচতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ধুবুৰীত ট্ৰাকৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহক লৈ চাঞ্চল্য

By

Published : May 6, 2021, 6:22 PM IST

ধুবুৰী,6 মে':বৃহস্পতিবাৰে ধুবুৰী জিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এখন ট্ৰাকৰ ভিতৰত এটা মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য ৷ মৃতদেহটো ট্ৰাকখনৰ চালক চালক চন্দ্ৰ শেখৰ যাদৱৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, গুজৰাটৰ চুৰাটৰ MH 48 BM 1749 নম্বৰৰ ট্ৰাক এখনে বিস্কুট বেকাৰীৰ মেচিন লৈ বুধবাৰে ধুবুৰীলৈ আহিছিল ৷ উক্ত ট্ৰাকখন জিলাখনৰ বালাজী বিস্কুট বেকাৰীত ৰখাই থোৱা হৈছিল ৷ কিন্তু ইয়াৰ পাচতে বৃহস্পতিবাৰে ট্ৰাকখনৰ ভিতৰত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃতদেহটো ট্ৰাকখনৰ চালক চন্দ্ৰশেখৰ যাদৱৰ বুলি জানিব পৰা গৈছে ৷ চালকজন উত্তৰ প্ৰদেশৰ ৰাইবৰেলী জিলাৰ মহিমাপুৰৰ জীৱন লাল যাদৱৰ পুত্ৰ ৷

ইপিনে, মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য ৷ স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উক্ত স্থানত ততাতৈয়াকৈ উপস্থিত হয় আৰু উদ্ধাৰ কৰে মৃতদেহটো ৷

আনহাতে, এই মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে আতংকিত হৈ পৰে অঞ্চলবাসী ৷ লোকজন কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰে স্থানীয় ৰাইজে ৷ কিন্তু বৰ্তমানেও চালকজনৰ মৃত্যু কাৰণ জানিব পৰা হোৱা নাই ৷ মৃতদেহটো ক'ভিড পৰীক্ষা কৰাৰ পাচতহে ইয়াৰ সত্যতা প্ৰমাণিত হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

অন্য এক খবৰৰ বাবে: দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details