ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম - চিতাভস্ম বিসৰ্জন দিয়ে সাংসদ গৌৰৱ গগৈয়ে
গদাধৰ, টিপকাই আৰু ব্ৰহ্মপুত্ৰৰ সংলগ্নস্থান ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিসৰ্জন দিয়া হ’ল প্ৰয়াত তৰুণ গগৈৰ চিতাভস্ম। ধৰ্মীয় পৰম্পৰা অনুসৰি পিতৃ তথা জননেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন দিয়ে সাংসদ গৌৰৱ গগৈয়ে ।
ধুবুৰী , ১০ জানুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ উদ্য়োগত প্ৰয়াত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম ৰাজ্য়ৰ ভিন্ন প্ৰান্তত থকা তেওঁ অনুগামীসকলৰ ওচৰলৈ লৈ যোৱা হয় । ইতিমধ্য়ে বিভিন্ন স্থানত প্ৰয়াত প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীৰ চিতাভস্ম বিসৰ্জন দিয়া হৈছে । দেওবাৰে ধুবুৰীটো বিসর্জন দিয়া হয় তেওঁৰ চিতাভস্ম । চিতাভস্ম বিসৰ্জন দিয়াৰ পূৰ্বে প্ৰথমে ধুবুৰীৰ শংকৰদেৱ শিশু উদ্যানত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ৷ প্রার্থনা সভাত বিভিন্ন ধর্মৰ ধৰ্মীয় গুৰু সকলে নিজ নিজ ধর্মীয় প্রার্থনা কৰাৰ লগতে কংগ্ৰেছ নেতা কৰ্মীকে ধৰি ধুবুৰী জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে উপস্থিত হৈ জননেতা গৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আবেগ ভৰা এক কবিতা পাঠ কৰাৰ পিছত সাংসদ গৌৰৱ গগৈয়ে নিজৰ ভাষণত অসমত পুনৰ ভাল দিন আহিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।