অসম

assam

By

Published : Jun 9, 2020, 6:36 PM IST

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ:প্ৰাণ পালে চিকিৎসালয়ে

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱত প্ৰাণ পাই উঠিল ভূত বাংলাত পৰিণত হোৱা ধুবুৰীৰ এখন আদৰ্শ চিকিৎসালয় ৷ দুবছৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পন্ন হোৱা আদৰ্শ চিকিৎসালয়খনত বাতৰি প্ৰকাশৰ পিছতে নিযুক্তি দিয়া হৈছে চিকিৎসক-নাৰ্চ আদিকে ধৰি বিভাগীয় কৰ্মচাৰীসকলক ।

Etv News Impact recruitment of doctor at a model hospital of dhubri assam etv bharat news
কিছমত হাছদহ আদৰ্শ চিকিৎসালয়

ধুবুৰী, 9 জুন: বিগত দুবছৰ পূৰ্বে নির্মাণকাৰ্য সম্পন্ন হৈছিল ধুবুৰীৰ কালাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত কিছমত হাছদহ আদৰ্শ চিকিৎসালয়ৰ । পূৰ্বৰ তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সময়তে ধুবুৰী বিধানসভা সমষ্টিৰ কিছমত হাচদহ অঞ্চলত প্ৰায় 5 কোটি 60 লাখ টকাৰ ব্যয় সাপেক্ষে নির্মাণ কৰা হৈছিল এইখন আদৰ্শ চিকিৎসালয় । চিকিৎসালয়খনৰ সমান্তৰালকৈ সম্পূৰ্ণ হৈ উঠিছে চিকিৎসক-নাৰ্চৰ লগতে কৰ্মচাৰীসকলৰ আৱাসগৃহ । গৃহসমূহত সংযোগ কৰা হৈছিল বিদ্যুতৰ যোগান । কিন্তু সকলো সম্পূৰ্ণ হোৱা স্বত্বেও আৰম্ভ হোৱা নাছিল চিকিৎসা সেৱা । সম্প্ৰতি কৰ’ণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰোগীৰ বাবে চিকিৎসালয়ৰ অভাৱ হৈছিল জিলাখনত । তেনে সময়তে ভূত বাংলালৈ পৰিণত হোৱা চিকিৎসালয়খন সম্পৰ্কে বাতৰি প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ তাৎপৰ্যপূৰ্ণভাৱে বাতৰি প্ৰকাশৰ পিছতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চিকিৎসা সেৱা আগবঢ়াবলৈ মুকলি কৰে চিকিৎসালয়খন ৷

প্ৰাণ পালে চিকিৎসালয়ে

উল্লেখ্য যে, কৰ’ণা ভাইৰাছে ইতিমধ্যে ধুবুৰীতো মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । জিলাখনত তিনি শতাধিক লোক আক্ৰান্ত হৈছে ভাইৰাছবিধৰ দ্বাৰা ৷ কিন্তু ৰোগীৰ অনুপাতে অভাৱ হৈছিল চিকিৎসালয়ৰ। বৰ্তমান চিকিৎসালয়খনত 96 খন বিচনা সাজু কৰাৰ লগতে স্বাৱ পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰাকে ধৰি গ্ৰহণ কৰা হৈছে যাৱতীয় সকলো ব্যৱস্থা ৷ লগতে নিযুক্তি দিয়া হৈছে বিভাগীয় চিকিৎসক-নাৰ্চৰ লগতে আন কৰ্মচাৰীসকলক । ইটিভি ভাৰতৰ বাতৰিৰ পিছতে অৱশেষত প্ৰাণ পাই উঠিল কোটিটকীয়া ধুবুৰীৰ আদৰ্শ চিকিৎসালয়খন ৷

লগতে চাওকঃলামডিঙত দুচকীয়া বাহনৰ শ্ব'ৰুমৰ স্বত্বাধিকাৰীৰ গ্ৰাহকক লুণ্ঠন

ABOUT THE AUTHOR

...view details