বিলাসীপাৰা, 31 জুলাই : ইটিভি ভাৰতৰ বাতৰিৰ পিচতে সহায়ৰ হাত আগবঢ়াইছে বিলাসীপাৰাৰ টোকৰাবান্ধা গাঁৱৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত মনছব আলীক ৷ শুকুৰবাৰে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত শালকোচা আৰক্ষী চকীৰ আৰক্ষী বিষয়া সতীন সিং আৰু মুক্তাৰ আহমেদৰ লগত শালকোচা আৰক্ষীৰ এটি দল উপস্থিত হয় দুৰ্ভগীয়া মনছব আলীৰ ঘৰত । শালকোচা আৰক্ষী বিষয়াই মনছব আলীক সামৰ্থ অনুযায়ী আৰ্থিক সাহায্য আগবঢ়ায় । সম্প্ৰতি শালকোচা আৰক্ষীৰ এনে মহানুভৱতাক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় দল সংগঠন তথা অঞ্চলবাসী ৰাইজে ৷
উল্লেখ্য যে,দুদিন পূৰ্বে বিলাসীপাৰাৰ টোকৰাবান্ধা গাঁৱৰ দৰিদ্ৰ লোকজনৰ বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰ কৰা হৈছিল ৷ বিগত 3 বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত মনছব আলী শৰ্য্যাগত হৈ আছিল ৷ কিন্তু লক ডাউনৰ বাবে লোকজনৰ বিপদ দুগুনে বৃদ্ধি পাই আহিছিল ৷ আনকি,তেওঁ খাদ্য সংকটত দিন অতিবাহিত কৰাৰ বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰ কৰা হৈছিল ৷