ধুবুৰী. 10 মে' : ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই কালৰূপ ধাৰণ কৰি দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ টুমুনী, পাটাকাটা, মনিৰচৰ, হাজিৰহাট, কাটডাঙাকে ধৰি প্ৰায় 10 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে । ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই বৃহস্পতিবাৰে খহাই নিয়ে দক্ষিণ শালমাৰাৰ প্ৰাণকেন্দ্ৰ হিচাপে বিবেচিত ঐতিহাসিক পাটাকাটা বজাৰখনৰ বৃহৎ অংশ ৷ এই বজাৰখনত ইতিমধ্যে কেইবাখনো পঞ্চায়তৰ লোকে ব্যৱসায় বাণিজ্য কৰি আহিছিল ।
ব্ৰহ্মপুত্ৰত বিলীন হোৱা দিশত দক্ষিণ শালমাৰাৰ 10 খন গাঁও - Etv Bharat
দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল পাটাকাটা অঞ্চলৰ ঐতিহ্যবাহী বজাৰৰ বৃহৎ অংশ ।
ব্ৰহ্মপুত্ৰত বিলীন হোৱা দিশত দক্ষিণ শালমাৰাৰ 10 খন গাঁও
ব্ৰহ্মপুত্ৰৰ কালৰূপী গৰাখহনীয়াৰ ফলত আতংকিত হৈ পৰিছে বজাৰখনৰ ব্যৱসায়ীসকলৰ লগতে বৃহত্তৰ আঞ্চলটোৰ ৰাইজ । শীঘ্ৰেই প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ব কেইবাখনো গাঁও ৷ গৃহহাৰা হ'ব শ শ পৰিয়াল । সমষ্টিবাসী বিপদত পৰি হাহাকাৰ কৰি থকাৰ সময়তো খবৰ ল'বলৈ আহৰি নাই স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ।