অসম

assam

By

Published : Jul 29, 2020, 12:36 PM IST

ETV Bharat / state

গৰাখহনীয়াৰ পাচত আন এক বিপদ ধুবুৰীৰ চাপৰ অঞ্চলত

প্ৰৱল গৰাখহনীয়া আৰু বানে ভাঙি নিয়া বাট-পথ সমূহে জনজীৱন বিপদাপন্ন কৰি তুলিছে চাপৰৰ আৰিমাৰীবাসীৰ ৷

erosion-problem-at-dhuburi-chapar
গৰাখহনীয়াৰ পিছত আন এক বিপদ ধুবুৰীৰ চাপৰ অঞ্চলত

পূৱ বিলাসীপাৰা,২৯জুলাইঃ বলিয়া বানৰ ভয়াবহতাৰ পাচতে বানে প্লাৱিত কৰা অঞ্চললৈ নামি আহে আন এক দুৰ্যোগ । প্ৰৱল গৰাখহনীয়া আৰু বানে ভাঙি নিয়া বাট-পথ সমূহে জনজীৱন বিপদাপন্ন কৰি তুলিছে ৷

গৰাখহনীয়াৰ পিছত আন এক বিপদ ধুবুৰীৰ চাপৰ অঞ্চলত

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ আৰিমাৰী অঞ্চলটোৰ প্ৰাথমিক শিক্ষাৰ একমাত্ৰ অনুষ্ঠান বৰাইবাৰী কাৰিকৰপাৰা এল পি স্কুল খন সম্প্ৰতি গৰাখহনীয়াৰ কবলত । চম্পাৱতী নদীৰ গৰাখহনীয়াত যিকোনো মূহুৰ্ততে জাহ যাব পাৰে বিদ্যালয় খন । যাৰ বাবে বিদ্যালয় খনলৈ শিক্ষা গ্ৰহণ কৰিবলৈ অহা কণ কণ শিশু সকলৰ জীৱনলৈ আহিছে চৰম ভাবুকি । অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে নৈৰ বুকুত নিশ্চিহ্ন হ’ব বিদ্যালয় খন । ইপিনে বানৰ পিছত অঞ্চলটোৰ বাটপথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে অঞ্চলটোৰ ৰাইজক। অতি শ্ৰীঘ্ৰে চৰকাৰ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ মৰিগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ABOUT THE AUTHOR

...view details