অসম

assam

ETV Bharat / state

ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ - শংকিত হৈ বিনিদ্ৰা ৰজনী কটাইছে গাঁওবাসীয়ে

প্ৰায় দুমাহ ধৰি অব্যাহত থকা গৰাখহনীয়াৰ ফলত ধুবুৰীৰ মাঝেৰ চৰ এন চি গাঁওখনৰ বহু পৰিয়ালৰ মাটি ভেটি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ৷

Erosion by Tipaki river at Dhuburi
ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

By

Published : Sep 18, 2020, 10:56 AM IST

ধুবুৰী, 18 ছেপ্তেম্বৰ: ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ খহনীয়াত ইতিমধ্যেই জাহ গৈছে নৈপৰীয়া ৰাইজৰ বহু হেক্টৰ কৃষিভুমি তথা ভেটি-মাটি ৷ প্ৰায় দুমাহ ধৰি অব্যাহত থকা গৰাখহনীয়াৰ ফলত ধুবুৰীৰ মাঝেৰ চৰ এন চি গাঁওখনৰ বহু পৰিয়ালৰ মাটি ভেটি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ৷ নদীখনে প্ৰতি মুহূৰ্ততে চপৰা চপৰে গাঁও খনৰ মাটি-ভেটি খহাই নিয়াত শংকিত হৈ বিনিদ্ৰা ৰজনী কটাইছে গাঁওবাসীয়ে ৷

ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

মাটি ভেটি সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা দৰিদ্ৰ পৰিয়াল সমুহে বৰ্তমান নিৰাপদ স্থানত আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগা হৈছে ৷ কিন্তু তেঁওলোকক অকণমান সহায় কৰাৰ বাবে ধুবুৰী জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ সৰ্বস্বান্ত ৰাইজৰ ৷

ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

উল্লেখ্য যে, ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওবাসীৰ এনে দুৰ্দিনত ৰাইজৰ কাষত উপস্থিত হোৱা নাই স্থানীয় বিধায়ক নজৰুল হ’ক আৰু পঞ্চায়ত প্ৰতিনিধি সকল ৷ যাৰ বাবে তেঁওলোকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সৰ্বশান্ত ভূক্তভোগী জনতাই ৷ উপায়হীন ক্ষুদ্ধ জনতাই নৈখনৰ পাৰত সমবেত হৈ সাংবাদিকৰ আগত বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে ক্ষোভ ব্যক্ত কৰে ৷ ৰাইজৰ মতে, এইদৰেই গৰাখহনীয়া অব্যাহত থাকিলে কিছু দিনৰ পিছতেই হয়তো লুইতৰ বুকুত নিঃচিহ্ন হব পাৰে গাঁওখন ৷ গতিকে বিধায়ক নজৰুল হ’কক ঘটনাস্থলীত উপস্থিত হৈ সংশ্লিষ্ট কৰ্তৃপক্ষক হেচা প্ৰয়োগেৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷এই ক্ষেত্ৰত এতিয়া বিধায়ক গৰাকীৰ লগতে স্থানীয় প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ ভদীয়া বানৰ কৱলত বিলাসীপাৰাৰ বহু গুৰুত্বপূৰ্ণ বিভাগ

ABOUT THE AUTHOR

...view details