অসম

assam

ETV Bharat / state

কেমেৰাৰ সন্মুখতে বাঢ়নী পানীয়ে উটুৱাই নিলে বিদ্যালয় - বান পৰিস্থিতি

বানে তাণ্ডৱ সৃষ্টি কৰিছে ধুবুৰীৰ বিলাসীপাৰাত ৷ দ্বিতীয়টো বানে বৃহত্তৰ অঞ্চলটোত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অঞ্চলটোৰ বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছত পুনৰ দেওবাৰে নিশা গৌৰাং নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি প্লাৱিত কৰে এক অঞ্চল ৷

Erosion at bilasipara dhubri assam etv bharat news
বান বিভীষিকা

By

Published : Jul 20, 2020, 6:16 PM IST

পশ্চিম বিলাসীপাৰা,20 জুলাই: বাৰিষাৰ বানে তাণ্ডৱ সৃষ্টি কৰিছে ধুবুৰীৰ বিলাসীপাৰাত ৷ দ্বিতীয়টো বানে বৃহত্তৰ অঞ্চলটোত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অঞ্চলটোৰ বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছত পুনৰ দেওবাৰে নিশা গৌৰাং নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি প্লাৱিত কৰে এক অঞ্চল ৷

বানৰ লগে লগে খহনীয়াৰো তাণ্ডৱ

বানৰ সমান্তৰালকৈ নৈখনৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে জন সাধাৰণ ৷ সোমবাৰে কেমেৰাৰ সন্মুখতে খহনীয়াত জাহ যায় বিলাসীপাৰাৰ কাঠালদি তৃতীয় খণ্ড গাঁৱৰ জনতা প্ৰাথমিক বিদ্যালয়ৰ এটা কোঠা ৷

উল্লেখ্য যে, নৈখনৰ খহনীয়াই বিগত দুদিনত গাঁৱখনৰ দহটাকৈ পৰিয়ালৰ বাসগৃহ উছন কৰি পেলায় ৷ শীঘ্ৰে এই সমস্যা প্ৰতিৰোধ নকৰিলে উক্ত অঞ্চলটো মানচিত্ৰৰ পৰা বিলীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লগতে চাওকঃসাংবাদিক ৰাজীৱ শৰ্মাঃ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details