হাটশিঙিমাৰী, 12 এপ্ৰিলঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভিতৰত খ্যাতি অর্জন কৰা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইলাইট একাডেমী কৰ্তৃপক্ষই, লক ডাউনৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা 155টা দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰে । বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰী সকলো নিয়ম অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি মানুহৰ ঘৰে ঘৰে গৈ হাটশিঙিমাৰীৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰে সাহাৰ্য । যোৱা দুদিন ধৰি তেওঁলোকে হাটশিঙিমাৰীৰ বিভিন্ন অঞ্চলৰ দুখীয়া লোকৰ মাজত সাহাৰ্য বিতৰণ কৰি আছে । সকলোৱে বিদ্যালয় কৰ্তৃপক্ষৰ এনে কৰ্মৰ শলাগ লৈছে ।
হাটশিঙিমাৰীত আৰ্তজনক সাহাৰ্য বিতৰণ ইলাইট একাডেমীৰ - ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইলাইট একাডেমী
লক ডাউনৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা 155টা দৰিদ্ৰ পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইলাইট একাডেমী কৰ্তৃপক্ষই ।
elite academy donated relief to poor peolpes of hatsingimari