বিলাসীপাৰা,3 ফেব্ৰুৱাৰী : বিলাসীপাৰাত বুধবাৰে ৰূপায়ণ কৰা হয় বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ দিনজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী । শক্তি খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে এই অৱস্থান ধৰ্মঘট পালন কৰে কৰ্মচাৰীসকলে ৷
বিদ্যুৎ কৰ্মচাৰী, অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতিৰ, অসম শাখাই বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰূপায়ন কৰে ধৰ্মঘট কাৰ্যসূচী । এই কাৰ্যসূচীত সমূহ বিদ্যুৎ কৰ্মচাৰী, বিষয়া আৰু পেঞ্চনাৰসকল উপস্থিত থাকে ।