অসম

assam

By

Published : Mar 12, 2021, 10:16 PM IST

ETV Bharat / state

ধুবুৰীৰ তিনি সমষ্টিৰ বাবে নিৰ্বাচনী অধিসূচনা প্ৰকাশ

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰে পেইড নিউজ আৰু 'মিডিয়া চাৰ্টিফিকেছন আৰু মনিটৰিং সমিতি'ৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰে ৷ বিষয়া গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি তিনিওটা সমষ্টিৰ প্ৰাৰ্থীসকলৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে ৷

election-notification-for-dhuburi-is-out
ধুবুৰী নিৰ্বাচন জিলাৰ তিনি সমষ্টিৰ বাবে নিৰ্বাচনী অধিসূচনা প্ৰকাশ

ধুবুৰী,12 মাৰ্চ: প্ৰকাশ কৰা হল তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'ব লগীয়া ধুবুৰী নিৰ্বাচন জিলাৰ 23 নং ধুবুৰী, 24 নং গৌৰীপুৰ আৰু 25 নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ অধিসূচনা ৷ শুকুৰবাৰে ধুবুৰীৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে সমগ্ৰ তথ্য ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰে পেইড নিউজ আৰু 'মিডিয়া চাৰ্টিফিকেছন আৰু মনিটৰিং সমিতি'ৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰে ৷ বিষয়া গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি তিনিওটা সমষ্টিৰ প্ৰাৰ্থীসকলৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে ৷ নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীসকলে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অথবা প্ৰতিটো সমষ্টিৰ বাবে নিৰ্দ্ধাৰিত ৰিটাৰ্নিং বিষয়াৰ ওচৰত দিনৰ 11 বজাৰ পৰা 3 বজাৰ ভিতৰত মনোনয়ন দাখিল কৰিব পাৰিব ৷ 23 নং ধুবুৰী সমষ্টিৰ ৰিটাৰ্নিং বিষয়া হৈছে ধুবুৰী জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতা ৷ সহকাৰী ৰিটাৰ্নিং বিষয়াসকল হৈছে অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ গোস্বামী, সহকাৰী আয়ুক্ত নেহা যাদৱ আৰু ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাস ৷

ধুবুৰী নিৰ্বাচন জিলাৰ তিনি সমষ্টিৰ বাবে নিৰ্বাচনী অধিসূচনা প্ৰকাশ

আনহাতে 24 নং গৌৰীপুৰ সমষ্টিৰ ৰিটাৰ্নিং বিষয়াৰ দায়িত্বত আছে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুদাৰ ৷ সহকাৰী ৰিটাৰ্নিং বিষয়া হৈছে অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ আৰু নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতীম বৰ্মন ৷ একেদৰে 25 নং গোলকগঞ্জ সমষ্টিৰ ৰিটাৰ্নিং বিষয়া হৈছে জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথ ৷ সহকাৰী ৰিটাৰ্নিং বিষয়া হৈছে সহকাৰী আয়ুক্ত শিল্পীকা কলিতা ৷ উল্লেখ্য যে, মনোনয়ন পত্ৰ দাখিলৰ সময়ত এজন প্ৰাৰ্থীৰ লগত সৰ্বাধিক 2 জন সমৰ্থক ৰিটাৰ্নিং বিষয়াৰ কোঠাত প্ৰৱেশ কৰিব পাৰিব ৷ সকলো প্ৰাৰ্থীয়ে ক'ভিড বিধি মানি চলি আৰু প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 19 মাৰ্চ ৷ 20 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব ৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ 22 মাৰ্চ ৷ 6 এপ্ৰিলত পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু মে'ত ভোটগণনা কৰা হ'ব ৷

লগতে পঢ়কঃনতুন ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা ডিব্ৰুগড় জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details