ধুবুৰী, 24 আগষ্ট: ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দল । নিৰ্বাচনৰ পূৰ্বে সোমবাৰে বাইক ৰেলীৰে মানকাচৰ সমষ্টিৰ সংখ্যালঘু অঞ্চলত শক্তি প্ৰদৰ্শন কৰে বিজেপি কৰ্মীয়ে । মানকাচৰৰ কালাপানী, বাঘাপাৰা, বেঙেৰভিটা গাঁও পঞ্চায়তত বিজেপি কৰ্মীয়ে আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ ।
মানকাচৰত বিজেপিৰ শক্তি প্ৰদৰ্শন
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানকাচৰ সমষ্টিত বিজেপিৰ বৃহৎ শক্তি প্ৰদৰ্শন । মানকাচৰৰ কালাপানী অঞ্চলত বাইক ৰেলীৰে কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে বিজেপিয়ে ।
সমাগত বিধানসভা নিৰ্বাচনক লৈ শক্তি প্ৰদৰ্শন বিজেপিৰ
নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা হ’লে বিজেপিৰ বাবে ভাল বুলি উল্লেখ কৰে বিজেপি কৰ্মীসকলে ।
লগতে পঢ়ক:অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীৰে আমছুৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ