ধুবুৰী,22 এপ্ৰিল: গোলাঘাটত এটা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত ৷ নিজ কাকায়েকে দাৰে ঘপিয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃক ৷ প্ৰাপ্ত তথ্য অনুসৰি লক ডাউনৰ পূৰ্বে ধুবুৰীৰ পাঁচপীৰ চৰৰ বাসিন্দা দিলদাৰ বাদশ্বাহৰ দুই পুত্ৰ ফজলুল হক আৰু ছফিকুল ইছলাম নামৰ দুই ভাতৃসহ চাৰিজন শ্ৰমিক গোলাঘাটত কাম কৰিবলৈ যায় ৷ কিন্তু লক ডাউনৰ বাবে গোলাঘাটতে আবদ্ধ হৈ পৰে আটাইকেইজন লোক ৷ লক ডাউনৰ বাবে গোলাঘাটতে আবদ্ধ হৈ থকাৰ সময়তে মঙলবাৰে নিশা দুই ভাতৃৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ উক্ত সময়তে ককায়েক ফজলুল হকে দাৰে ঘপিয়াই হত্যা কৰে কনিষ্ঠ ভাতৃ ছফিকুল ইছলামক ৷
গোলাঘাটৰ এটা হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত
ককায়েক ফজলুল হকে দাৰে ঘপিয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃ ছফিকুল ইছলামক ৷
গোলাঘাটৰ এটা হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত
জানিব পৰা মতে,দিলদাৰ বাদশ্বাহৰ প্ৰথম পক্ষৰ পুত্ৰ আছিল ফজলুল হক আৰু দ্বিতীয় পক্ষৰ পুত্ৰ আছিল ছফিকুল ইছলাম ৷ অৱশ্যে কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হল সেইয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়কঃ কোকৰাঝাৰত ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ