অসম

assam

By

Published : May 13, 2021, 4:15 PM IST

ETV Bharat / state

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাইলৈ পবিত্ৰ ঈদ-উল-ফিতৰ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাইলৈ পবিত্ৰ ঈদ-উল-ফিতৰ । ৰাজ্যত মহামাৰীৰ কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে এইবেলিও সমূহীয়াকৈ আদায় কৰা নহয় ঈদৰ নামাজ ।

eid-ul-fitr-will-not-celebrate-collectively-tomorrow-due-covid-protocol
ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ কাইলৈ পৱিত্ৰ ঈদ-উল-ফিতৰ

পশ্চিম বিলাসীপাৰা,13 মে': ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাইলৈ পবিত্ৰ ঈদ-উল-ফিতৰ । ত্যাগ, সংযমেৰে এমাহ উপবাস তথা ৰমজানৰ ৰোজাৰ অন্তত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই সমূহীয়াকৈ উদযাপিত নহয় ঈদ-উল-ফিতৰ । ৰাজ্যত মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ভয়াৱহ ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে এইবেলিও সমূহীয়াকৈ আদায় কৰা নহয় ঈদৰ নামাজ । প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মানি ঘৰতেই ঈদৰ নামাজ আদায় কৰিব ইছলামধৰ্মী লোকসকলে ।

কাইলৈ পবিত্ৰ ঈদ-উল-ফিতৰ

ধুবুৰীৰ বিলাসীপাৰাৰ বিভিন্ন অঞ্চলৰ ঈদগাহ ময়দানত দেখা নাযাব পবিত্ৰ ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ ৷ এই পবিত্ৰ ঈদে যেন কৰ’ণা আৰু সমাজৰ অসূয়া-অশান্তি নাশ কৰি শান্তি, একতা আৰু ভাতৃত্ববোধৰ এনাজৰী স্থাপন কৰে, সেই কামনাৰে বিলাসীপাৰাৰ টিলাপাৰা ঈদগাহ পৰিচালনা সমিতিয়ে সকলো ইছলামধৰ্মী লোকৰ ওচৰত দোৱাৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :মৰিয়নীৰ চাৰিটা পৰিয়ালক কনটেইনমেণ্ট হোম হিচাপে ঘোষণা

ABOUT THE AUTHOR

...view details