পূৱ বিলাসীপাৰা,1 অক্টোবৰ: বিটিআৰ চুক্তি বাতিলৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ ৷ বৃহস্পতিবাৰে ধুবুৰী-কোকৰাঝাৰ সীমান্তৱৰ্তী বাঙালডোবাত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত ৰাইজে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিটিআৰ চুক্তি বাতিলৰ দাবীত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা দাহ - কোকৰাঝাৰ
বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চৰকাৰ বিৰোধী প্ৰতিবাদেৰে উত্তাল ধুবুৰী-কোকৰাঝাৰ সীমান্তৱৰ্তী অঞ্চল ৷ বিটিআৰ চুক্তি বাতিলৰ দাবীৰে বাঙালডোবাত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা দাহ ৷ ক্ষোভিত প্ৰতিবাদকাৰীৰ অভিযোগ অবড়ো লোকসকলৰ পৰিপন্থী এই চুক্তিয়ে খৰ্ব কৰিব বি টি চিত বসবাস কৰা অবড়ো লোকসকলৰ অধিকাৰ ৷
প্ৰতিবাদকাৰী সকলৰ অভিযোগ বি টি আৰ চুক্তি অবড়ো সকলৰ পৰিপন্থী ৷ এই চুক্তিয়ে বিটিচি ত বসবাস কৰা অবড়ো লোকসকলৰ অধিকাৰ খৰ্ব কৰিব ৷ চুক্তিখন বাতিলৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে অভিযোগ কৰি কয় যে অবড়ো লোকসকলে বাৰম্বাৰ এই চুক্তিৰ বিৰোধিতা কৰি অহা সত্বেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবড়ো লোকসকলৰ পৰিপন্থী এই চুক্তিখন কাৰ্যকৰী কৰিব বিচাৰিছে ৷ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী গৰাকীৰ এই কাৰ্যৰ বিৰোধিতা কৰি ক্ষোভিত ৰাইজে বাঙালডোবা বজাৰত পুত্তলিকা দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক:উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী; পোহৰলৈ আহিছে বঙাইগাঁওৰ ব্যৱসায়ীৰ নাম
TAGGED:
বিটিআৰ চুক্তি বাতিলৰ দাবী