পশ্চিম বিলাসীপাৰা,5 জুন:বিলাসীপাৰাত কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এজন শিক্ষিত নিবনুৱাই ৷ নিজৰ এবিঘা ভূমিত বিভিন্ন ফল-মূলৰ খেতি কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ৷ বছৰৰ পাছত বছৰ চৰকাৰী চাকৰি এটাৰ পাছত সময় অতিবাহিত নকৰি কৃষিকৰ্মৰেও যে স্বাৱলম্বী হ’ব পাৰি সেই বাৰ্তা বিলাইছে যুৱকজনে ৷
উল্লেখ্য যে, পশ্চিম বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত ছোট গিৰাইৰ গাঁৱৰ মফিদুল হক নামৰ যুৱকজনে উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি ২০১৪ চনৰ পৰা কৃষিকৰ্মত মনোনিৱেশ কৰি গাঁৱখনত থকা এবিঘামান মাটিত নেমু, গোলাপ জাম, আম, অমিতা, মৌচুমী, আদি গছ ৰোপণ কৰি স্বাৱলম্বী হৈ পৰিছে ৷ এই বাগানখনক ভিত্তি কৰিয়েই বৰ্তমান তেওঁ বছৰত প্ৰায় পাঁচ লাখ টকা পৰ্যন্ত আয় কৰিব পাৰিছে বুলি সদৰী কৰিছে ৷